Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / স্বৰ্ণ কন্যা হিমা দাসৰ নামেৰে নামকৰণ হ’ব নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ ৪০০ মিটাৰৰ ট্ৰেক

স্বৰ্ণ কন্যা হিমা দাসৰ নামেৰে নামকৰণ হ’ব নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ ৪০০ মিটাৰৰ ট্ৰেক

ষ্টাফৰিপোৰ্টাৰ,,স্বৰ্ণ কন্যা হিমা দাসৰ নামেৰে নামকৰণ হ’ব নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ ৪০০ মিটাৰৰ ট্ৰেক। লগতে আধুনিকীকৰণ কৰা হ’ব এথলেটিকছ ট্ৰেকটোৰ। নগাঁও জিলা প্ৰশাসনে ঘোষণা কৰিলে এই কথা। স্বৰ্ণ কন্যা হিমা দাসলৈ ১ লাখ টকাৰ পুৰস্কাৰ নগাঁও ক্ৰীড়া সন্থাৰ। নগাঁও জিলা প্ৰশাসনেও হিমাক আগবঢ়ালে ১ লাখ টকাৰ চেক।
অসম ক্ৰীড়াত আগৰেপৰাই আগবঢ়া, ক্ৰীড়াৰ ক্ষেত্ৰত টকাৰ অভাৱ নাই নগাঁৱত। প্ৰথমে নিজক জিলিকাবলৈ শিকিছোঁ, এতিয়া নগাঁও আৰু ধিঙক জিলিকাম। সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য স্বৰ্ণ কন্যা হিমা দাসৰ। ৰাজ্য চৰকাৰৰ আঁচনিক প্ৰশংসা কৰি হিমাৰ আহ্বান আধুনিকীকৰণ কৰিব লাগে নগাঁও ক্ৰীড়া সন্থাক।১০টা মেডেল লৈ প্ৰধানমন্ত্ৰীৰে ফটো উঠাৰ হেঁপাহ আছে ধিং এক্সপ্ৰেছ হিমা দাসৰ। নগাঁৱত সম্বৰ্ধনা লৈ ক’লে হিমাই।
আজি স্বগৃহ ধিঙলৈ যায় স্বৰ্ণ কন্যা হিমা দাস। কান্ধুলীমাৰীত হিমাক আদৰিবলৈ অধিক আগ্ৰহেৰে ৰৈ আছে গাঁ‍ওবাসী। আছু বিভিন্ন দল-সংগঠনেও সম্বৰ্ধনা জনাব স্বৰ্ণ কন্যা হিমা দাসক। উল্লেখ্য ইণ্ডোনেছিয়াত অনুষ্ঠিতা এছিয়ান গেমছত পদক অৰ্জনৰ পাছত হিমাই ৭ ছেপ্টেম্বৰত আহি গুৱাহাটীত উপস্থিত হৈছিলহি যদিও ব্যস্ততাৰ বাবে যাব পৰা নাছিল স্বগৃহলৈ।

About Staff Reporter

চাব পাৰে

ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

  ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে। ২১টা ভোট …

Leave a Reply

Your email address will not be published. Required fields are marked *