Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / স্মৃতিগ্ৰন্থৰ লেখাক লৈ শিৱসাগৰ শিক্ষক সন্মিলনীত অথন্তৰঃ শাৰিৰিক আক্ৰমনৰ অভিযোগ সতীৰ্থৰ বিৰোদ্ধে থানাত গোছৰ

স্মৃতিগ্ৰন্থৰ লেখাক লৈ শিৱসাগৰ শিক্ষক সন্মিলনীত অথন্তৰঃ শাৰিৰিক আক্ৰমনৰ অভিযোগ সতীৰ্থৰ বিৰোদ্ধে থানাত গোছৰ

 

শিৱসাগৰ ১৪ জুন : শিৱসাগৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৭ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনৰ বাবে প্ৰস্তুত কৰিবলৈ লোৱা বিষয়টো লৈ হোৱ অশুভ পৰিস্থিতিৰ বাবে স্মৃতি গ্ৰন্থৰ উপ সমিতি যুটিয়া সম্পাদক ব্ৰজেন দাসে উপ সমিতিখনৰ সম্পাপকৰ পদৰ পৰা পদত্যাগ কৰি মুল আদৰণি সমিতি সভাপতি সম্পদকলৈ পদত্যাগ পত্র প্ৰেৰণ কৰিছে | আনহাতে সতীৰ্থ শিক্ষকৰ বিৰোদ্ধ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বিষয়টোৱে শিক্ষক সংগঠনটো মাজমজিয়াত তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি কৰিছে | উল্লেখ যে ১৩ জুনত শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক ভৱনত সন্মিলনীৰ এখন বিশেষ কৰ্মকৰ্তা সভা অনুষ্ঠিত হৈছিল | উক্ত সভাত আগন্তুক দ্বি- বাৰ্ষিক অধিবেশনৰ স্মৃতি গ্ৰন্থৰ লেখা বিচাৰি বাতৰি কাকতত বিবৃতি দিয়াক লৈ সভাতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় | পৰিস্থিতি অবনতি ঘটি প্ৰতাপলোচন গগৈ দিপাংকৰ কোঁৱৰ , অৰুন কলিতা নামৰ শিক্ষক কেজনৰে স্মৃতিগ্ৰন্থৰ উপ সমিতিৰ সম্পাদক ব্ৰজেন দাসক সভাৰ মজিয়াতে মাৰ পিট কৰে বুলি ব্ৰজেন দাসে দিয়া এজাহাৰত উল্লেখ কৰিছে | অন্যহাতে শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ উপৰিও স্মৃতি গ্ৰন্থৰ যুটিয়া সম্পাদক ব্ৰজেন দাসে শিৱসাগৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনিৰ ৪৭ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনৰ বাবে গঠিত আদৰণি সমিতি সভাপতি আৰু সম্পাদকলৈ পদত্যাগ পত্র প্ৰেৰন কৰি শিক্ষক সমাজৰ ফুপোলা স্বৰূপটোকে ওদঙালে বুলি বৌদ্ধিক সমাজে নিন্দ কৰিছে | পদত্যাগ পত্রখনত ব্ৰজেন দাসে ১৩ জুনত সংঘটিত ঘটনাৰ সন্দৰ্ভত কৰ্মকৰ্তা সভাত উপস্থিত থকা সভাপতি সম্পাদকে কোনো সু ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুভ প্ৰকাশ কৰাৰ লগতে বাতৰি কাকতলৈওঁ ঘটনাৰ সম্পৰ্কে আৰক্ষী থানাত গোছৰ দিয়াৰ বিষয়টো প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে | তাতপয্যপুৰ্ণ বিষয় যে দেশৰ ধৰনি প্ৰস্তুত কৰা খনিৰক সদৃশ শিক্ষকতা বৃত্তিত নিয়োজিত মানৱ কাৰিকৰে ক্ষমতাৰ খকত যদি এনে পৰিবেশ সৃষ্টি কৰে ই মানৱ সমাজক বিস্তৰ ক্ষতি সাধন কৰিব বুলি শিৱসাগৰত মুকলি চৰ্চাৰে বতাহ গৰম কৰি তুলিছে |

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *