Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যৰ আলোচনাচক্ৰ সম্পন্নঃ

সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যৰ আলোচনাচক্ৰ সম্পন্নঃ

সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যৰ আলোচনাচক্ৰ সম্পন্নঃউন্মোচন হ’ল বিভাগটোৰ প্ৰাচীৰ পত্ৰিকা “অংকুৰ”

উৰিয়ামঘাটঃ১৪ অক্টোবৰঃসৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যত “অসমীয়া কাব্য সাহিত্য” আৰু “লোক সংস্কৃতি” শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়।সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহন কৰা আলোচনাচক্ৰখনিৰ সঞ্চালনা কৰে বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰনৱ ঢেকিয়াল ফুকনে। ৰবপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ধ্ৰুৱজ্যোতি কোঁৱৰ সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উদ্বিপ বৰা আৰু ভূপেন শইকীয়াই।সান্তনা বৰা,যোগল সোধ, অনামিকা ছন্দ,বিভা ৰাভা,সুস্মিতা গগৈ,দেৱজিৎ বৰা,বিনীতা ৰাজবংশী, বিনীতা বড়ো,আছমা বেগম,মৌচুমী চন্দ,বিভা ৰাভা, ৰিতুঞ্জয় কৌশিক,হৰেশ্বৰী বসুমতাৰী,সেবিকা শইকীয়া,মন্টু গড়,অংকুৰজ্যোতি বৰা,মুকুল গগৈ,অলিম্পিয়া শইকীয়া , প্ৰভূতি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ৰ প্ৰায় কুৰিখন আলোচনা পত্ৰ পাঠ কৰে।অসমীয়া বিভাগৰ ড° অমৰ শইকীয়া, ভাৰতী শইকীয়া,জাহ্নবী গগৈ উপস্থিত থকা বিভাগৰ এই প্ৰয়াসে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰভূত উপকাৰ সাধিব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে আলোচনাচক্ৰৰ অন্তত সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকা “অংকুৰ” উন্মোচন কৰে আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থকা ধ্ৰুৱজ্যোতি কোঁৱৰে।

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *