Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

 

ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ হনুমান মন্দিৰৰ ধৰ্মশালা প্ৰাংগণত অনুষ্ঠিত হয়। কৃষ্ণা প্ৰসাদৰ পৌৰহিত্যত অনুষ্ঠিত সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শংকৰ সিংহ । সভাত ৰাজ্যিক সচিব ৰূপেশ কুমাৰ মিশ্ৰ, সংযোগক নয়ন কিশোৰ মাঝি, পৰামৰ্শদাতা বিনোদ প্ৰসাদ, ওম প্ৰকাশ সিং, পূৰণ প্ৰসাদ আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাত বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন কৰা হয়। এই পৰিষদ খন কেন্দ্ৰীয় কমিটিৰ উপাধ্যক্ষ ববিতা সাহু আৰু সচিৱ পিংকি প্ৰসাদৰ উপস্থিতিত গঠন কৰা হয়। সমিতি খন ৰুবি চৌধুৰীক অধ্যক, ৰিনা সাহুক উপাধ্যক্ষ, অনিতা প্ৰসাদক মহাসচিব, সীমা প্ৰসাদক সচিব আৰু অন্যান্য সদস্যক লৈ গঠন কৰা হয়।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *