Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / হাউলীৰ হালাপাকুৰি গাৱৰ বয়োজ্যেষ্ঠ ব্যক্তি সন্ধানহীন

হাউলীৰ হালাপাকুৰি গাৱৰ বয়োজ্যেষ্ঠ ব্যক্তি সন্ধানহীন

 

 

কঞ্জল দাস,বৰপেটা, ১৪ জুনঃ বৰপেটা জিলাৰ হাউলী চহৰৰ সমীপৰ হালাপাকুৰি নামৰ গাওখনৰ সৰ্বানন্দ দাস নামৰ এগৰাকী ৯৩ বছৰীয়া লোক যোৱা ছয় দিন ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাক লৈ পৰিয়ালটোৰ লগতে গাওখনৰ লোকসকল উদ্বিগ্ন হৈ পৰিছে ৷ পৰিয়ালৰ লোকে জনোৱা মতে, যোৱা ৮ জুনৰ দিনা লোকজনে ঘৰৰ পৰা ওলাই আহিছিল ৷ ঘৰৰ পৰা ওলাই অহা লোকজনে দূপৰীয়া ডাঙৰ ককায়েকৰ ঘৰত ভাত পানী খাই আবেলি গাৱৰ বজাৰলৈ ওলাই যায় ৷ ককায়েকৰ ঘৰৰ পৰা বজাৰলৈ বুলি ওলাই যোৱাৰ পিচৰ পৰাই লোকজন ঘৰলৈ উভতি অহা নাই ৷ ইতিমধ্যে লোকজনৰ সন্ধানত পৰিয়ালৰ লোকসকলে হাউলী চহৰৰ লগতে সম্ভাব্য সকলো স্থানতে বিচাৰ খোচাৰ কৰিছে যদিও আজিপৰ্যন্ত লোকজনৰ সন্ধান ওলোৱা নাই ৷ ইপিনে গাৱৰ একাংশ লোকে জনোৱা মতে, লোকজনে সিদিনা আবেলি গাৱৰ বজাৰত ই-ৰিক্সাত উঠি হাউলী চহৰলৈ যোৱা দেখা পাইছিল ৷  পিছে হাউলী চহৰলৈ যোৱা লোকজন পিচত ক’লৈ গ’ল বা কি হ’ল তাকে লৈ পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ লোকসকলে ইতিমধ্যে হাউলী থানাত লোকজনৰ সন্ধানহীন হোৱা সম্পৰ্কত এজাহাৰ দাখিল কৰিছে ৷ প্ৰায় পাঁচ ফুট আঠ ইঞ্চি উচ্চতাৰ লোকজনে সন্ধানহীন হোৱাৰ সময়ত বগা চুৰিয়া-পাঞ্জাবী আৰু চশমা পৰিধান কৰি আছিল ৷ বয়োজ্যেষ্ঠ লোকজনৰ কোনো সন্ধান পালে ওচৰৰ আৰক্ষী নতুবা ৭০০২০২৫০৪৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকসকলে অনুৰোধ জনাইছে ৷

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *