Thursday , July 18 2019
শেহতীয়া খবৰ
Home / সাহিত্য / হাজং জনজাতি আৰু সংস্কৃতি” শীৰ্ষক গ্ৰন্থ উন্মোচন

হাজং জনজাতি আৰু সংস্কৃতি” শীৰ্ষক গ্ৰন্থ উন্মোচন

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,১ মাৰ্চ।।। নৱপ্ৰজন্মমৰ এগৰাকীৰ উদীয়মান লেখিকা পম্পী হাজংৰ দ্বিতীয় খন গ্ৰন্থ “হাজং জনজাতি আৰু সংস্কৃতি” শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। এই গ্ৰন্থখন উন্মোচন কৰে দূৰদৰ্শন কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট সাহিত্যিক, সমাজ সেৱক দেৱেন্দ্ৰ নাথ তামুলীয়ে। উন্মোচনী ভাষণত তেওঁ কয়” আজি এটা বৰ শুভ দিন। এটা সপ্তাহৰ পিছত অৰ্থাৎ ৮ মাৰ্চত সমগ্র বিশ্বতে নাৰী দিৱস পালন কৰাৰ ব্যৱস্থা কৰা হৈছে। সেই সংক্ৰান্ততে এগৰাকী উডীয়মান প্ৰভাৱশালী লেখিকা পম্পী হাজং এ আমাৰ সমাজৰ এটা অভাৱ পূৰ কৰাৰ কাৰণে আগবাঢ়ি আহিছে। বিশ্বায়নৰ লগে লগে সমগ্ৰ বিশ্বত এটা সমস্যাই দেখা দিছে। এই বিপদ বিশেষভাৱে আহিছে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনজাতি সকলৰ কাৰণে। ক্ষুদ্ৰ জাতি জনজাতিয়ে বিশ্বায়নৰ কৱলত পৰি নিজৰ ভাষা কৃষ্টি হেৰুৱাইছে আৰু এনে এটা সময়ত আমাৰ অসম তথা পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ জাতি ৰূপে পৰিচিত হাজংসকলক লৈ তেওঁলোকৰ জীৱনৰ পৰিক্ৰমাক লৈ সংস্কৃতিক লৈ লিখা এই গ্ৰন্থখনে আমাৰ সাহিত্য জগতত কিঞ্চিত পৰিমাণে হ’লেও আমাৰ অভাৱ পূৰণ কৰিব”। আনহাতে বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্র নাথ চক্ৰৱৰ্তীয়ে হাজং তথা সমগ্ৰ জাতি জনগোষ্ঠীয় লোকসকলৰ জীৱনশৈলী, সংস্কৃতি, সাজ -পাৰ আদি সকলো দিশ সামৰি তথ্য সহকাৰে ভাষণ প্ৰসংগত উপস্থাপন কৰে। হাজং সংগীতেৰে আৰম্ভ হোৱা এই সভাত লেখিকাৰ লগতে উপস্থিত থাকে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

“উত্তৰ -পূৱ ভাৰতবৰ্ষত লিংগ আৰু গণতন্ত্ৰ” শীৰ্ষক গ্ৰন্থ উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১ জুন।।।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু পূৰ্বাঞ্চল প্ৰকাশৰ সহযোগত শনিবাৰে গুৱাহাটী …

Leave a Reply

Your email address will not be published. Required fields are marked *