Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / হাতত চিন্হ : আতংকৰ মাজতে নলবাৰীত কোন এই যুৱক,

হাতত চিন্হ : আতংকৰ মাজতে নলবাৰীত কোন এই যুৱক,

নলবাৰীৰ ঘগ্ৰাপাৰত অচিনাকী যুৱকৰ উপস্থিতিত ৰাইজৰ মাজত হুৱাদুৱা

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৫ মাৰ্চ*

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সতৰ্কতামূলক বিশেষ ব্যৱস্থা হিচাপে লক্ ডাউন চলি থকাতো সৰ্বজনবিদিত । মহামাৰী ৰূপ ধাৰণ কৰা এই ভাইৰাছবিধ
নলবাৰী জিলাতো সংক্ৰমিত হোৱাৰ আশংকা কৰি তথা বিশ্ব স্বাস্থ্য সংস্থা আৰু স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি মাৰাত্মক এই ভাইৰাছবিধ সংক্ৰমিত হ’ব নোৱাৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে নলবাৰীৰ জিলা দণ্ডাধীশ ভাৰত ভূষণ দেৱচৌধুৰীয়ে সমগ্ৰ জিলাখনতে তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে । এই ধাৰাৰ অধীনত জিলাখনত অনাৱশ্যকভাৱে সমীপৱৰ্তী বজাৰ, পাৰ্ক আদিত জনসমাগম হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তদুপৰি জিলাখনত সভা, সমদল, শোভাযাত্ৰা, সমাৱেশ আদি অনুষ্ঠিত কৰাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি জিলা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ কৰাত ৰাইজ সচেতন হৈ পৰা পৰিলক্ষিত হৈছে ৷ আজি হঠাৎ নলবাৰীৰ দলুৱাত অচিনাকী যুৱকৰ উপস্থিতিত ৰাইজৰ মাজত হুৱাদুৱা লাগে ৷ প্ৰাপ্ত তথ্যমতে আজি সন্ধিয়া ৬ বজাত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দলুৱা গাঁওৰ পুখুৰীপাৰ চুবুৰীৰ ৰেল গেটত দুজন অচিনাক্ত যুৱকক দেখা পাই উক্ত চুবুৰীৰে মানৱ কলিতা, চন্দন কলিতা, অনন্ত কলিতা আৰু প্ৰানজিৎ কলিতাই কৰায়ত্ত কৰি দলুৱা শিৱমন্দিৰত বহুৱাই ৰাখি ঘগ্ৰাপাৰ থানাত খবৰ দিয়ে । লগে লগে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আহি যুৱক দুজনক সোধপোছ কৰি পৰীক্ষা কৰাবৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে দুয়োজনৰ হাততে সন্দেহজনক চিহ্ন দেখা পোৱা গৈছে। যুৱক দুয়োজন গুৱাহাটীৰ পৰা খোজ কাঢ়ি আহি এইখিনি পাইছিলহি । তেওঁলোকে মধ্য প্ৰদেশলৈ যাব বুলি প্ৰকাশ কৰিছে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *