Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / হিমগ্লবিনৰ পৰিমাণ কম ২০% সাংবাদিকৰ

হিমগ্লবিনৰ পৰিমাণ কম ২০% সাংবাদিকৰ

 

ষ্টাফৰিপৰ্টাৰ, ২১ মে’ : মহানগৰীৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান ডাউন টাউন হস্পিটেলৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে আয়োজিত ৰক্ত পৰীক্ষা শিবিৰৰ পৰা এই কথা স্পষ্ট হৈছে যে ২০% সাংবাদিকৰ তেজত থকা হিমগ্লবিনৰ পৰিমাণ স্বভাবিতকৈ কম। আন্তৰ্জাতিক তথ্য অনুসৰি এজন সুস্থ পুৰুষৰ দেহত হিমগ্লবিনৰ পৰিমাণ হব লাগে ১৩-১৭ গ্ৰাম/দেচি লিটাৰ ,আনহাতে মহিলাৰ বাবে এই পৰিমাণ হব ১২-১৫ গ্ৰাম/ দেচি লিটাৰ। ভাৰতীয় প্ৰেক্ষাপটত পুৰুষ- মহিলাৰ উভয়ৰে ১০ তকৈ এই পৰিমাণ কম হলে তেওঁ ৰক্ত হীনতাত ভোগাৰ সম্ভাৱনা থাকে । প্ৰেছ ক্লাৱৰ সদস্য সকলৰ ভিতৰত প্রতি ৫ গৰাকীৰ মাজৰ এজনে এনে অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকা আছে। আকৌ খুব কম সংখ্যক সদস্যৰ হিমগ্লবিনৰ পৰিমাণ ১৮ তকৈ অধিক পোৱা গৈছে যিটোও স্বাস্থ্যৰ বাবে অনুকূল নহয়। ৰক্ত পৰীক্ষাৰ লগতে যোৱা ১৮ মেৰ স্বাস্থ্য শিবিৰত প্ৰায় ৪০ গৰাকী অংশগ্ৰহণ কাৰীয়ে ডাউন টাউনৰ চিকিৎসক ডাঃ ঋষিকেশ বৰা, ডাঃ গৌৰৱ কেদিয়া আৰু ডাঃ ৰোহিনী কুমাৰীৰ পৰা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ গ্ৰহণ কৰে, লগতে সাংবাদিক সকলে তেজৰ গ্ৰুপ ,চুগাৰ , আৰু ৰক্ত চাপ পৰীক্ষাৰো সুবিধা লাভ কৰে।

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *