Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / হিমাচল প্ৰদেশত প্ৰচণ্ড বান আৰু ভয়াৱহ ভূমিস্খলন

হিমাচল প্ৰদেশত প্ৰচণ্ড বান আৰু ভয়াৱহ ভূমিস্খলন

ষ্টাফৰিপোৰ্টাৰ,, হিমাচল প্ৰদেশত প্ৰচণ্ড বান আৰু ভয়াৱহ ভূমিস্খল। বান-ভূমিস্খলনত আৱদ্ধ অসমৰ শতাধিক লোক। চম্বা জিলাৰ হলিত আৱদ্ধ ৩ সহস্ৰাধিক লোক। আবদ্ধসকলৰ মাজত আছে অসমৰ শতাধিক লোক। খাদ্য আৰু খোৱাপানীৰ অভাৱত ভুগিছে আবদ্ধ লোকসকল। গেমন ইণ্ডিয়াৰ প্ৰকল্পত কৰ্মৰত আছিল অসমৰ লোকসকল। আবদ্ধসকলৰ ওচৰত উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল। উদ্ধাৰকাৰী দলৰ সৈতে যোগাযোগ কৰাতো ব্যৰ্থ হৈছে আৱদ্ধ লোকসকল। ৩ দিনে আৱদ্ধ হৈ থাকি অৱনতি ঘটিছে লোককেইজনৰ স্বাস্থ্যৰ। অসমৰ বিভিন্ন ঠাইৰ পৰা হিমাচললৈ গৈছিল লোককেইজন। নগাঁও জিলাৰ এটা পৰিয়ালহ ৬০গৰাকী লোক আৱদ্ধ। বঙাইগাঁৱৰো এটা পৰিয়ালহ ৩০গৰাকী লোক আৱদ্ধ হৈ আছে। লখিমপুৰ জিলাৰ ১৪, হোজাইৰ দুজন, কোকৰাঝাৰ জিলাৰ ৫জন লোক, লখিমপুৰ জিলাৰ বহুকেইজন লোক, ভোগপুৰৰ ৩জন, মধুপুৰৰ দুজন লোক, পানীগাঁৱৰ ৭জন আৰু খাৰকাটীৰ দুজন লোক আৱদ্ধ হৈ আছে হিমাচলত। হিমাচলৰ পৰা জনালে আৱদ্ধ লোকে।

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *