Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / হোৱাইট নাইট ইনষ্টিটিউটে লৈ আনিছে এমহীয়া, তিনি মহীয়া আৰু ছয়মহীয়া পাঠ্যক্ৰম

হোৱাইট নাইট ইনষ্টিটিউটে লৈ আনিছে এমহীয়া, তিনি মহীয়া আৰু ছয়মহীয়া পাঠ্যক্ৰম

ষ্টাফ ৰিপোৰ্টাৰ : পটোগ্ৰাফী, মেকআপ, ষ্টাইলিং তথা মডেলিংৰ প্ৰতি আগ্ৰহী সকলৰ বাবে হোৱাইট নাইট ইনষ্টিটিউটে লৈ আনিছে এমহীয়া, তিনি মহীয়া আৰু ছয়মহীয়া পাঠ্যক্ৰম। গুৱাহাটীৰ মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা পথত থকা ৰাজধানী নাৰ্ছাৰী সংলগ্ন মাণিক নগৰৰ চাৰি নং উপ পথৰ ২৩ নং গৃহত ৭ অক্টোবৰৰ পৰা এই পাঠ্যক্ৰম সমূহৰ পাঠদান আৰম্ভ হ’ব। এই শিক্ষানুষ্ঠানটোৰ শুভাৰম্ভ কৰিব ফেশ্বন ডিজাইনাৰ গৰিমা গাৰ্গে। সোমাবাৰে  গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলযোগে এই কথা সদৰী কৰে ফেশ্বন ফটোগ্ৰাফাৰ আৰু ইভেণ্ট আহ্বায়ক আৰু এই শিক্ষানুষ্ঠানতোৰ জন্মদাতা  শুভাঞ্জন বৰদলৈয়ে। তেওঁ লগতে কয়  “দক্ষতা আৰু পেছাদাৰী ক্ষেত্ৰত ব্যক্তি এগৰাকীক আগুৱাই নিয়াৰ বাবে তেওঁ এই শিক্ষানুষ্ঠানটিৰ জন্ম দিছে। উল্লেখ যে এমহীয়া পাঠ্যক্ৰমৰ বাবে ১৫,০০০ টকা তিনিমহীয়া ডিপ্লমাৰ বাবে ২০,০০০ টকা আৰু ছমাহৰ অগ্ৰীম ডিপ্লমাৰ বাবে ৩০,ooo, টকা টকা নামভৰ্তিৰ বাবে ধাৰ্য কৰা হৈছে।’ সাংবাদমেত অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

ৰাজগড়ত অভিতাৰা বুটিক মুকলি কৰিলে জুবিন গাৰ্গে

  ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, ৰাজগড়ত “অভিতাৰা” নামৰ এখন বুটিক দেওবাৰে মুকলি কৰিলে জুবিন গাৰ্গে। জনপ্ৰিয় …

Leave a Reply

Your email address will not be published. Required fields are marked *