Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ১কোটি ৫০ লাখ টকাৰ পুজি আগবঢ়োৱাৰ কথা ঘোষনা কৰিছে এ আই ইউ ডি এফৰ

১কোটি ৫০ লাখ টকাৰ পুজি আগবঢ়োৱাৰ কথা ঘোষনা কৰিছে এ আই ইউ ডি এফৰ

 

ষ্টাফৰিপোৰ্টাৰ, ২৬ মাৰ্চ-
মহামাৰী কৰ’নাৰ প্ৰতিৰোধ, সজাগতা আৰু প্ৰতিৰোধী ব্যৱস্থাৱলী গ্ৰহনত সুবিধা হোৱা কৈ ৰাজ্য চৰকাৰৰ তহবিললৈ ১কোটি ৫০ লাখ টকাৰ পুজি আগবঢ়োৱাৰ কথা ঘোষনা কৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌ বদৰুদ্দিন আজমলে ৷ এক বিবৃতিত সাংসদ আজমল চাহাবে কয় “কৰ’নাই সম্প্ৰতি বিশ্বত যি ভয়াবহ ৰূপ ধাৰন কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰেও যাৱতীয় চিকিৎসা সেৱাৰ ব্যৱস্থা আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহন কৰি আছে ৷ এই মহামাৰীত যাতে অসমৰ ৰাইজে বিপৰ্যয়ৰ সন্মূখীন হবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ পূজিৰ পৰা ১কোটি ৫০ লাখ টকা ৰাজ্য চৰকাৰৰ ৰাজকোষলৈ আগবঢ়োৱাৰ কথা ঘোষনা কৰিছে সাংসদ মৌ বদৰুদ্দিন আজমল চাহাবে ৷ লগতে তেওঁ পুনৰ দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্য চৰকাৰে ঘোষনা কৰা নিয়মাৱলী সমূহ ৰাইজক মানি চলিবলৈ আহ্বান জনায় ৷

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *