Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ১১ অক্টোবৰত মুকলি হ’ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম চিনেমাৰ মবাইল এপ চিনেগল্ড নৰ্থ ইষ্ট”

১১ অক্টোবৰত মুকলি হ’ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম চিনেমাৰ মবাইল এপ চিনেগল্ড নৰ্থ ইষ্ট”

 

ষ্টাফ ৰিপোৰ্টাৰ,,,১৬ ছেপ্টেম্বৰ।।। অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত গুৱাহাটীৰ কেইবাগৰাকীমান চলচ্চিত্ৰ প্ৰযোজকে অসমীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় সকলো ভাষাৰ চলচ্চিত্ৰ অতি সহজতে মোবাইল ফোন এপৰ জড়িয়তে উপভোগ কৰিব পৰাকৈ এখন ডিজিটেল প্লেটফ’ৰ্ম তৈয়াৰ কৰি উলিয়াইছে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলত এই বিষয়ে সদৰী কৰে চলচ্চিত্ৰ সঞ্চালক মণ্ডলীৰ হৈ জোনমনি দেৱী খাউণ্ডে। তেওঁ কয়”-অমি উত্তৰ পূৰ্বাঞ্চলৰ বাবে চিনেগল্ড নৰ্থ ইষ্ট শীর্ষকএটা মবাইল এপ তৈয়াৰ কৰি উলিয়াইছো। আমি সাধাৰণতে দেখা পাওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ চিনেমা সমূহ চিনেমা হ’লত মুক্তি দিয়াৰ কেইদিনমান পাছত চিনেমা খন পিছলৈ চাবলৈ কিছু অসুবিধা আহি পৰে। সেয়ে যিহেতু আজিকালি মোবাইলৰ জড়িয়তে হাতৰ মুঠিত বিশ্ব খন ধৰি ৰাখিব পৰা ব্যৱস্থা হৈছে গতিকে আমি অসমীয়া ভাষাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় ভাষা যেনে,মণিপুৰী, খাচী, বড়ো, মিছিং নেপালী ইত্যাদি ভাষাৰ চিনেমা ঘৰত বহি চোৱাৰ এক সুবিধা তৈয়াৰ কৰি উলিয়াইছো। ১১ অক্টোবৰত আমি এই এপ দৰ্শকৰ বাবে মুকলি কৰি দিম। তেওঁ লগতে কয়”-চিনেমাৰ উপৰিও ছুটি চিনেমা, ভিডিও, তথ্য চিত্ৰ আদিও এই এপ’ত উপলব্ধ হ’ব আৰু বিশ্বৰ যিকোনো ঠাইৰ দৰ্শকে এই সুবিধা সমূহ ফোনটোৰ উপভোগ কৰিব পাৰিব। তাৰোপৰি প্ৰথম এক মাহ সকলো চিনেমা বিনামূলীয়াকৈ উপভোগ কৰাৰো ব্যৱস্থা কৰা হৈছে”। উল্লেখযোগ্য যে,মোবাইল’ গুগুল প্লে ষ্ট’ৰৰ পৰা চিনে গ’ল্ড নৰ্থ ইষ্ট এই এপ’টো দৰ্শকে ডাউনলোড কৰিব পাৰিব আৰু এই এপ’ৰ মুকলিৰ দিনা কমেও ৫০ খন চিনেমা আপলোড কৰা হ’ব।” আজিৰ সংবাদমেলত সঞ্চালক মণ্ডলীৰ গোপল জালান, জ্যোতি কাকতি, কিশোৰ দাসৰ আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *