Friday , December 13 2019
শেহতীয়া খবৰ
Home / মহানগৰ / ১২ ঘণ্টীয়া উৎকণ্ঠাৰ অৱসান

১২ ঘণ্টীয়া উৎকণ্ঠাৰ অৱসান

ষ্টাফৰিপৰ্টাৰ, ১ মে’, ১২ ঘণ্টীয়া উৎকণ্ঠাৰ অৱসান ঘটিল। অৱশেষত বুধবাৰে পুৱা ৫ বজাত ৰাজ্যিক চিৰিয়াখানাত আবদ্ধ কৰিলে বনৰীয়া হাতীটোক। বন বিভাগৰ সকলো চেষ্টাই ব্যৰ্থ কৰি মহানগৰীৰ শ্ৰীনগৰৰ পৰা নিজে নিজে ওলাই আহিছিল হাতীটো। বৰবাৰীৰ পৰা হেঙেৰাবাৰী, গণেশগুৰি হৈ ভঙাগড়ৰ ফালে গৈছিল হাতীটো। তিনিবাৰকৈ ট্ৰেংকুলাইজ কৰাৰ পিছতো ‍বন বিভাগে উদ্ধাৰ কৰিব নোৱাৰিলে হাতীটো। নিশা জিলা প্ৰশাসনে হাতীটোক ক্ৰেনেৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও বৰষুণৰ বাবে ব্যাহত হয় উদ্ধাৰ অভিযান। হাতীটোক আবদ্ধ কৰিবলৈ মঙলবাৰে বিয়লিৰে পৰা ওৰে নিশা ব্যস্ত হৈ পৰিছিল আৰক্ষীৰ শীৰ্ষ বিষয়া, বন বিভাগৰ শীৰ্ষ বিষয়াকে ধৰি বহু লোক। শেষত আমচাঙ অভয়াৰণ্যত এৰি দিয়া হয় হাতীটো।

About Staff Reporter

চাব পাৰে

কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীৰ

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : আজি কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীয়ে। বন্ধ সমৰ্থকৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *