Saturday , February 16 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ১৩ জুলাইত শুভমুক্তি ' ক্ৰোধ'

১৩ জুলাইত শুভমুক্তি ' ক্ৰোধ'

১৩ জুলাইত শুভমুক্তি
‘ ক্ৰোধ’

গুৱাহাটীৰ প্রতিবেদক ,,,,,৩ জুলাই।।।।।।

নতুন অসমীয়া চলচ্চিত্ৰ ক্ৰোধ মুক্তিৰ বাবে সাজু হৈ উঠিছে। অহা ১৩ জুলাইত ৰাজ্যৰ চিত্ৰগৃহত পূৰ্ণদৈঘ্যৰ এই চিনেমাখনে মুক্তি লাভ কৰিব বুলি প্রযোজক পংকজ দালানীয়ে জানিবলৈ দিছে। প্ৰযোজক পংকজ দালানীয়ে জনোৱা মতে এক্সন – ৰোমাঞ্চেৰে ভৰপূৰ চিনেমাখনত দৰ্শকে নতুনত্বৰ সোৱাদ পাব। তিনিটা গীত সন্নিৱিষ্ট ‘ ক্ৰোধ’ৰ সংগীত দ্বীপ ৰাজবংশীৰ, ভি এফ এক্স বিবেক আনন্দৰ। গীতৰ কথা ধীৰাজ চন্দ্ৰ দাসৰ। দ্বীপ ৰাজবংশীৰ সংগীত পৰিচালনাত চিনেমাখনৰ গীতকেইটাত ৰূপম ভূঞা, গায়ত্ৰী হাজৰিকা, যুতিকা, পাটগিৰি, আৰু প্ৰতীক্ষা বৰাই কণ্ঠ নিগৰাইছে। শক্তি ফিল্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত মনোজ বৈশ্য পৰিচালিত “ক্ৰোধ”ত পৰাণ কমল, উদয়ন দুৱৰা, পংকজ দালানী, দ্বিৱন কুমাৰ বৈশ্য, বিপুল দাস, সত্যেন শৰ্মা, ভৱেন বৈশ্য, লেনি, অনুৰূপা ডেকা ৰজা, বিবেক আনন্দ , বিপামনি, মুকুল, পিনাকী মিত্ৰৰ লগতে পশ্চিমবংগৰ দেৱস্মিতা বেনাৰ্জীকে ধৰি আনকেইবাগৰাকীও ন-পুৰণি অভিনেতা- অভিনেত্ৰীয়ে অভিনয় কৰিছে। সম্প্ৰতি সমাজত ঘটি থকা ধৰ্ষনক মূল কাহিনী হিচাপে লৈ চিনেমাখন নিৰ্মাণ কৰা হৈছে।

About Staff Reporter

চাব পাৰে

‘firstnewsreport.com’ ৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

firstnewsreport.com ৰ উদ্যোগত অহা ১০ মাৰ্চত সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *