Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / ১৬ নৱেম্বৰত পালন কৰা হব বিশ্ব পুৰুষ বন্ধ্যকৰণ দিৱস

১৬ নৱেম্বৰত পালন কৰা হব বিশ্ব পুৰুষ বন্ধ্যকৰণ দিৱস

 

ষ্টাফ ৰিপোৰ্টাৰ,  বৰ্তমান জনসংখ্যা বৃদ্ধিলৈ লক্ষ্য ৰাখি তথা বৰ্ধিত জনসংখ্যা ৰোধ কৰাৰ বাবে পৰুষসকলক বন্ধ্যাকৰণৰ বাবে অনুপ্ৰেৰণা দিয়াৰ বাবে প্ৰত্যেক বছৰৰ দৰে এইবাৰো বিশ্ব পুৰুষ বন্ধ্যাকৰণ দিৱস ১৬ নৱেম্বৰত বিশ্বজুৰি পালন কৰা হব। এই উপলক্ষে বৃহস্পতি বাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰা হৈছে। এই সংবাদমেলত উপস্থিত থাকি পপুলেচন ফাউণ্ডেচন নৰ্থ ইষ্টৰ চেয়াৰমেন , বিশিষ্ট শল্য শিকিৎসক ডাঃ ইলিয়াছ আলীয়ে কয় -“১৮৯৯ চনত আমেৰিকাৰ কাৰাবন্দী পুৰুষ সকলক বন্ধ্যাকৰন কৰা হৈছিল আৰু তাৰ পিছৰ পৰাই বিভিন্ন দেশত এই পদ্ধতি আৰম্ভ হৈছিল। এই পুৰুষ বন্ধ্যাকৰন পদ্ধতিত অণ্ডকোষৰ দুকাষত প্ৰায় ডেৰ চেণ্টিমিটাৰকৈ কাটি দুটা ছিদ্ৰ কৰা হয় আৰু এই ছিদ্ৰৰে শুক্ৰবাহী নলী দুডাল উলিয়াই আনি বিশেষ প্ৰকাৰে সূতাৰে দুঠাইত বন্ধা হয় আৰু বান্ধ দুটাৰ মাজভাগত নলী দুডাল ছেদন কৰা হয় পিছত চিলাই দিয়া হয়। এই পদ্ধতিত পাস্বক্ৰিয়া বেছি আৰু সময়ৰ অধিক প্ৰয়োজন বাবে চীন দেশত ১৯৭৪ চনত আৱিষ্কাৰ হোৱা বন্ধ্যাকৰণৰ নতুন পদ্ধতি এন, এফ, ভিৰ আৱিষ্কাৰে ইয়াক এক নতুন মাত্ৰা প্ৰদান কৰে। যাৰ পাস্বক্ৰিয়া খুব কম আৰু সময়ৰ প্ৰয়োজনো কম। গতিকে এই পদ্ধতিৰ ক্ষেত্ৰত বৰ্তমান অসমো পিছ পৰি থকা নাই।” চিকিৎসক গৰাকীয়ে লগতে কয় “২০১২ চনত মে মাহত কেনিয়াত অনুষ্ঠিত এন এছ ভি( No Scalpel Vasectomy) এখন কৰ্মশালাত বিশ্ব পুৰুষ বন্ধ্যাকৰণ দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু ২০১৩ চনৰ পোন প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয় অষ্ট্ৰেলিয়াৰ এদেলেইড চহৰৰ ৰয়েল ইনষ্টিটিউটত। আনহাতে জনসংখ্যা বৃদ্ধি ৰোধ নকৰিলে ইয়াৰ কু প্ৰভাৱ ভাৰতবৰ্ষৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দিশত বাৰুকৈ পৰিব গতিকে আধুনিক পদ্ধতিৰ সহায়ত ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত পুৰুষ সকলক অনুপ্ৰেৰণা। উল্লেখ বিশ্ব পৰুষ বন্ধ্যকৰণৰ লগত সংগতি ৰাখি অসমতো ২১ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ গাঁৱ চহৰ গলিত পৰুষ বন্ধ্যা কৰন পশেষ এক সজাগতামূলক অভিযান প্ৰস্তুত কৰা হব আৰু ২৮ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ ৰাজ্যৰ বিভিন্ন স্বাস্থ্য কেন্দ্রত এন, এছ, ভিৰ চিকিৎসা আগবঢ়োৱা হব।”

About Staff Reporter

চাব পাৰে

বিশিষ্ঠা মঞ্চাভিনেত্ৰী ৰীণা ডেকা বৰুৱাক কিৰণময়ী মঞ্চাভিনেত্ৰী বঁটা প্ৰদান

  ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, জে বি প্ৰডাকচনৰ অন্যতম নিষ্ঠাবান অভিনেত্ৰী কিৰণময়ী বৰাৰ ২০১৬বৰ্ষৰ ১২জুনত মৃত্যু …

Leave a Reply

Your email address will not be published. Required fields are marked *