Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ১৯ জানুৱাৰীত মহানগৰীৰ দীঘলীপুখুৰী পাৰত গণ অৱস্থান কাৰ্যসূচী

১৯ জানুৱাৰীত মহানগৰীৰ দীঘলীপুখুৰী পাৰত গণ অৱস্থান কাৰ্যসূচী

 

 

ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম সাহিত্য সভাৰে একত্ৰিত হ’ল খিলঞ্জীয়া জনজাতীয় সাহিত্যসভাসমূহ৷ অসম সাহিত্য সভা ভৱনত এক বৈঠকত মিলিত হৈ এই সিদ্ধান্ত লয় জনজাতীয়-জনগোষ্ঠীয় সাহিত্য সভাসমূহে৷ অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উপস্থিত থাকে বড়ো, বিষ্ণুপ্ৰিয়া মনিপুৰী, গাৰো, মিচিং, দেউৰী, ৰাভা, কাৰ্বি আৰু তিৱা সাহিত্য সভাৰ প্ৰতিনিধি৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰাপৰ্যন্ত বিধেয়কৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ঐক্যবদ্ধ সংগ্ৰামৰ হুংকাৰ দিয়ে সাহিত্য সভাই৷ ১৯ জানুৱাৰীত মহানগৰীৰ দীঘলীপুখুৰী পাৰত ৰূপায়ণ কৰিব গণ অৱস্থান কাৰ্যসূচী। ১৪ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাহিত্য সভাসমূহৰ সৈতে বৈঠকত মিলিত হোৱাৰ সময়সীমা দিয়ে সাহিত্য সভাই৷

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *