Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ১ নং চিকনমাটী গাৱঁৰ পৰা মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ:

১ নং চিকনমাটী গাৱঁৰ পৰা মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ:

১ নং চিকনমাটী গাৱঁৰ পৰা মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ:অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য৷

দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত ১ নং চিকনমাটী গাৱৰ পৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷মহিলা গৰাকীৰ নাম ছুফীয়া খাতুন (৩০),গাৰ ৰং শ্যমল,পিন্ধনত শাৰী কাপোৰ,উচ্চতা ০৫ ফুট৷জানিব পৰা মতে আজিৰ পৰা প্ৰায় ৮ দিন আগত ৰাতি আনুমানিক ০৯ মান বজাত মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকী নিজৰ ঘৰৰ পৰা নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে অসমৰ চুকে কোনে বিচাৰি কোনো খবৰ নপোৱাত যোৱা ০৬ তাৰিখে দলগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে৷মহিলা গৰাকীৰ এজনী ছোৱালী আৰু এজন লৰা সন্তানো আছে৷এজাহাৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷মহিলা গৰাকীৰ কোনো ব্যক্তিয়ে যদি সন্ধান পায় তেনেহলে +919101015211 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ কৰিছে৷

ভিডিঅ জাৰ্নালিষ্ট আব্দুল জলিলৰ সহযোগত দলগাওৰ পৰি ৰফিক তালুকদাৰৰ প্ৰতিবেদন৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *