Thursday , April 25 2019
শেহতীয়া খবৰ
Home / Uncategorized / ২০২১ ত অসমত প্ৰফুল্ল মহন্তৰ নেতৃত্বত মিত্ৰজোট চৰকাৰ!

২০২১ ত অসমত প্ৰফুল্ল মহন্তৰ নেতৃত্বত মিত্ৰজোট চৰকাৰ!

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ধূলিস্যাত হ’ব বিজেপি

দীপজ্যোতি ডেকাঃ নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যজুৰি উত্তাল পৰিস্থিতি। ইয়াৰ গইনা লৈয়ে একেশাৰীত থিয় হোৱা দেখা গ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ আগশাৰীৰ নেতা প্ৰফুল্ল মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা তৰুণ গগৈৰ লগতে আগশাৰীৰ বাঁওপন্থী  নেতাক। ৰাজনীতিৰ এই সন্ধিক্ষণত এয়া বাৰু ৰাজ্যৰ বিৰোধীৰ সন্মিলিত শক্তিৰ সম্ভাৱনাৰ ইংগিত নেকি, ২০২১ ত অসমত প্ৰফুল্ল মহন্তৰ নেতৃত্বত মিত্ৰজোট চৰকাৰ গঠন হব নেকি, বিগত ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনী ফলাফললৈ লক্ষ্য কৰিলে দেখা যায় যে সেই সেইবাৰ বিজেপিয়ে ৬০ খন, কংগ্ৰেছে ২৬ খন, এ আই ইউ ডি এফে ১৩ খন, অসম গণ পৰিষদে ১৪ খন, বিপিএফে ১২ খন, নিৰ্দলীয়ই লাভ কৰিছিল এখন আসন। এই পৰিসংখ্যালৈ চালে দেখা যাব যে বিজেপিক বাদ দি বাকী দলকেইটাই লাভ কৰিছিল ৬৫ খন আসন। যিটো চৰকাৰ গঠন কৰাৰ বাবে যথেষ্ট। যদিহে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে আকোৰগোজ স্থিতি অব্যাহত ৰাখে তেন্তে ২০২১ ত বিজেপিৰ আসন হ্ৰাস হোৱাতো নিশ্চিত। তেনস্থলত সন্মিলিত বিৰোধী শক্তিৰ চৰকাৰ গঠনৰ সম্ভাৱনা বৃদ্ধি হব। এতিয়া মুখ্যমন্ত্ৰী ৰূপে ব্যক্তি হিচাপে চাবলৈ গলে তৰুণ গগৈক বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফে গ্ৰহণ কৰা আশা ক্ষীণ, একেদৰে বাঁওপন্থী শিৱিৰৰো সাংগঠিনক ভিত্তিৰ পৰা চাবলৈ গলে তেঁওলোকে চৰকাৰ গঠনত বিশেষ অৰিহনা জগাব পাৰিব বুলি মনে নধেৰ। একেদৰে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলক কংগ্ৰেছ আৰু ভোটাৰে গ্ৰহণ নকৰিব। এনেক্ষেত্ৰত সৰ্বদলগ্ৰাহ্য হিচাপে প্ৰফুল্ল মহন্তৰ নাম আহিব পাৰে। সচেতন মহলৰ মাজত এতিয়া এই বিশ্লেষণে প্ৰাধান্য লাভ কৰাৰ আন এটা কাৰক হ’ব পাৰে শেহতীয়া কৰ্ণাটক নিৰ্বাচনৰ ফলাফল। কিয়নো এই নিৰ্বাচনত বিজেপিয়ে গৰিষ্ঠ সংখ্যক আসন লাভ কৰিলেও একমাত্ৰ বিজেপিবিৰোধী স্থিতিৰ বাবেই কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে কম আসন পোৱা জেডিএছে। এনে এক সমীকৰণ আগন্তুক ২০২১ ৰ নিৰ্বাচনত অসমতো হোৱাৰ সম্ভাৱনা আছে।অৱশ্যে ২০২১ লৈ আৰু বহু দিন আছে। তাৰ আগতে আছে লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ ফলাফলেও অসমত প্ৰভাৱ পেলাব। তেনস্থলত শেষ সিদ্ধান্ত নিশ্চয় অসমবাসীৰ হাতত।

About Staff Reporter

চাব পাৰে

ৰিপুণ বৰাৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বুধবাৰে সংবাদমেলৰ আয়োজন কৰে।গুৱাহাটীৰ ৰাজীৱ …

Leave a Reply

Your email address will not be published. Required fields are marked *