Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / ২০২১ ত মুখ্যমন্ত্ৰী সোণোৱালৰ দ্বিতীয় সমষ্টি সৰুক্ষেত্ৰী !

২০২১ ত মুখ্যমন্ত্ৰী সোণোৱালৰ দ্বিতীয় সমষ্টি সৰুক্ষেত্ৰী !

সৰুক্ষেত্ৰীলৈ সঘনাই অহা-যোৱা মুখ্যমন্ত্ৰী সোণোৱালৰঃ কৃষ্ণুগুৰু-কাঁহশিল্পীৰ ৰাইজৰ মাজতো জনপ্ৰিয়তা বৃদ্ধি সোণোৱালৰঃ পূৱ সমষ্টিৰ হিন্দু ভোটাৰৰ মাজত স্থিতি মজবুট বিজেপিৰঃ

দীপজ্যোতি ডেকাঃ ২০২১ চনৰ ৰাজ্যৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব নেকি মুখ্যমন্ত্ৰী সবানন্দ সোণোৱালে। মাজুলীৰ পিছত দ্বিতীয়টো সমষ্টিৰূপে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব নেকি সোণোৱালে। এই প্ৰশ্ন এতিয়া বৃহত্তৰ সৰুক্ষেত্ৰী ৰাইজৰ একাংশ সচেতন ৰাইজৰ মুখে মুখে।মুখ্যমন্ত্ৰী সোণোৱালৰ ধৰ্মগুৰু কৃষ্ণগুৰুৰ গৃহভূমি, ৰাজ্যৰ বহু ইতিহাসৰ সাক্ষী, ঐতিহ্যমিণ্ডত কাঁহশিল্পৰ লগত জডি়ত সহজ সৰল শিল্পীৰ ভূমিক নিজৰ দ্বিতীয়টো সমষ্টিৰূপে সোণোৱালে গ্ৰহণ কৰা বিষয়টো এতিয়া চৰ্চিত হৈছে। নিজৰ ৰাজনৈতিক জীৱনৰ উত্থান পতনৰ বহু সময়ৰ পিছত মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰাই সোণোৱালে ৰাজধানী মহানগৰীৰ পৰা ৮০ কিলোমিটাৰ দূৰত অৱস্থিত নসত্ৰ, সৰ্থেবাৰী আদি অঞ্চললৈ সঘনাই অহা যোৱা কৰি আহিছে। একপ্ৰকাৰ ক’বলৈ গ’লে দুমাহ-এমাহৰ মূৰত এবাৰকৈ সোণোৱালে সৰুক্ষেত্ৰীত উপস্থিত হয়। স্বাধীনতাৰ পিছৰে পৰা সৰুক্ষেত্ৰীৰ ইতিহাসত প্ৰথমবাৰলৈ এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেদৰে সমষ্টিটোক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। কেৱল ভ্ৰমণেই নহয়, নসত্ৰত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় স্থাপন, সমষ্টিটোৰ পিছপৰা অঞ্চলটোসমূহৰ বাট-পথৰ উন্নয়ণ, বিশেষকৈ নলবাৰীৰ পৰা সৰ্থেবাৰীলৈ যোৱা মূল পথছোৱাৰ মেৰামতিৰে ৰাইজক দিয়া সকাহ, সৰ্থেবাৰীৰ কাঁহশিল্পীসকলৰ সঘনাই বিচাৰ লোৱা, বিভিন্ন ক্ষেত্ৰত সঁহাৰি প্ৰদান কৰা, সৰ্থেবাৰীত উপ কোষাগাৰৰ ব্যৱস্থা কৰা আদি বিভিন্ন কাম-কাজেৰে তেঁও সৰুক্ষেত্ৰীৰ ৰাইজৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে। অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈ এতিয়া সোণোৱাল সমষ্টিলৈ গ’লে ঘৰৰ ল’ৰা যোৱাৰ দৰে অনুভৱ হৈছে।

আনহাতে ৰাজনৈতিক দিশৰ পৰা চাবলৈ গ’লে একালৰ বাঁওপন্থীৰ দূৰ্গ স্বৰূপ সমষ্টিটোত বৰ্তমান কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে প্ৰতিনিধত্ব কৰি আছে। পূৰ্ব বাঁওপন্থী দুৰ্গৰ দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এতিয়া এ আই ইউ ডিএফ আৰু কংগ্ৰেছে শক্তিশালী ভেটি নিৰ্মাণ কৰিছে। কিন্তু সংখ্যালঘু অঞ্চলতহে দুয়োটা দলৰ সিংহভাগ ভেটি আছে। তাতে আকৌ যোৱাবাৰ নিৰ্বাচনতে সংখ্যালঘু ভোট বিভাজিত হোৱা দেখা গৈছিল। আনপিনে পূৱ সৰুক্ষেত্ৰী অঞ্চলৰ হিন্দু ভোটাৰৰ মাজত বৰ্তমান বিজেপি আৰু আৰ এছ এছ এ শিপাবলৈ সক্ষম হৈছে। এই অঞ্চলসমূহৰ বিশেষকৈ যুৱচামৰ মাজত বিজেপিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হৈছে। লক্ষণীয় ভাৱে এনে অঞ্চলতহে বৰ্তমানৰ চৰকাৰখনেও উন্নয়ণত গুৰুত্ব প্ৰদান কৰিছে। তেনেস্থলত স্বাভাৱিকতে বহুদিন ধৰি উপযুক্ত নেতাৰ অভাৱত ভোগা সমষ্টিটোৰ বৃহৎসংখ্যক জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ উঠিছে সোণোৱাল।

এই সকলো দিশৰ পৰা লক্ষ্য কৰি এতিয়া অঞ্চলটোৰ ৰাজনৈতিক পৰিক্ৰমাত নজৰ ৰখা অধিকাংশৰ মনত ধাৰণাই বাহ লৈছে যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত সোণোৱালে মাজুলীৰ পিছক সৰুক্ষেত্ৰীৰ পৰা প্ৰতিনিধিত্ব কৰিব নেকি? অৱশ্যে এইক্ষেত্ৰত সকলো দৃশ্যপট পৰিস্কাৰ হ’বলৈ কিছুদিন অপেক্ষা কৰিব লাগিব যদিও আমাৰ পৰ্যবেক্ষণ অব্যাহত থাকিব। আমাৰ পঢ়ুৱৈসকলক পৰৱৰ্তী পৰ্যায়ত অধিক যুক্তি তথা তথ্যসহকাৰে আমি প্ৰকাশ কৰিম।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *