২০ নৱেম্বৰত মুখ্যমন্ত্ৰী গোৱালপাৰালৈঃউদ্বোধন কৰিব বিভিন্ন আঁচনি
——-
গোৱালপাৰা জিলাত অচিৰে ৰূপায়ণ কৰিবলৈ থিৰাং কৰা বহুতো জন কল্যাণমূলক আঁচনিৰ সমূহীয়া আধাৰশিলা স্থাপন আৰু কেতবোৰ সম্পন্ন হোৱা আঁচনিৰ শুভ অনুষ্ঠান আগত ৰাখি
কাইলৈ ২০ নৱেম্বৰ বুধবাৰে গোৱালপাৰাত পদাৰ্পণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কাইলৈ দিনৰ ১১ বজাত জিলা খনত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে আগিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিব ৷ ইয়াৰ পিছত তেখেত যাব ৰামপুৰস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰলৈ ৷ তাত কিছু সময় অতিবাহিত কৰি মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হ’ব বুধিপাৰা অংগণবাদী কেন্দ্ৰত ৷ নৱনিৰ্মিত মডেল অংগণবাদী কেন্দ্ৰটো শুভ উদ্বোধন কৰাৰ পিছত তেখেত বলদমাৰী হাইস্কুললৈ যাব ৷ অৱশেষত দিনৰ ১২:১৫ বজাত তেখেতে গোৱালপাৰা মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ