Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৩০ জুনৰ পৰা ৰঙিয়াত “এ” ডিভিজন ফুটবল লীগ

৩০ জুনৰ পৰা ৰঙিয়াত “এ” ডিভিজন ফুটবল লীগ

 

উত্তৰ কামৰূপ , ২৪ জুন : ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ২০১৯ বৰ্ষৰ
ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ অন্তভূৰ্ক্ত ক্লাৱ সমূহৰ আন্ত:ক্লাৱ “এ” ডিভিজন ফুটবল লীগৰ আয়োজনৰ কৰা হৈছে । অহা ৩০ জুনৰ পৰা আৰম্ভ হব লগা এই ফুটবল লীগত অংশগ্ৰহণ কৰিবলৈ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত সমূহ ক্লাৱ আৰু সন্থাবোৰক আহ্বান জনাইছে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা । ফুটবল লীগৰ আগ্ৰহী ক্লাৱ সমূহক নিশ্চিত কৰিবৰ বাবে অহা ২৫ জুনৰ ভিতৰত ৯৪৩৫১-১৪১৩৬ আৰু ৯৪৫৪২-৭৬২৯১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ চৌধুৰী আৰু ফুটবল সম্পাদক নাৰায়ণ বড়োয়ে।লগতে জিলা ক্ৰীড়া সন্থাৰ অনুমোদিত ফুটবল ক্লাব সমূহৰ খেলুৱৈৰ দল সলনি পৰ্ব অহা ২৫ জুন তাৰিখৰ দিনৰ ৪ বজাত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত খেলুৱৈক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই ।

About Staff Reporter

চাব পাৰে

বঙাইগাঁৱৰ মূলাগাঁৱত অনুষ্ঠিত ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং প্ৰতিযোগিতাৰ সামৰণী

  প্ৰথম তিনিচুকীয়া, দ্বিতীয় বঙাইগাঁও,তৃতীয়ত কামৰূপ বঙাইগাঁওঃ ৩ জুনঃ বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মূলাগাঁৱত ৩১ মে’ …

Leave a Reply

Your email address will not be published. Required fields are marked *