Thursday , July 18 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / ৫ অক্টোবৰত চিত্ৰগৃহলৈ আহিব “দ্যা আণ্ডাৰৱৰ্ল্ড “

৫ অক্টোবৰত চিত্ৰগৃহলৈ আহিব “দ্যা আণ্ডাৰৱৰ্ল্ড “

ষ্টাফৰিপৰ্টেৰ: বহু প্ৰতীক্ষাৰ অন্তত মুক্তিৰ বাবে সাজু বিগ বাজেটৰ নতুন অসমীয়া ছবি “দ্যা আণ্ডাৰৱৰ্ল্ড “। ৰাগা ফিল্মছৰ বেনাৰত নিৰ্মিত ছবি খনৰ পৰিছালনা ৰাজেশ যশপালৰ।  ‘গানে কি আনে’ৰ সফলতাৰ পিছত মুম্বাইৰ প্ৰতিষ্ঠিত পৰিচালক ৰাজেশ যশপালৰ এই খন হৈছে দ্বিতীয় খন অসমীয়া ছবি।

ছবি খনৰ মূল আকৰ্ষণ হ’ল  জুবিন গাৰ্গ । আণ্ডাৰৱৰ্ল্ডৰ চৰিত্ৰত জুবিন গাৰ্গৰ অগতানুগতিক বেশ-ভূষাই  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছচিয়েল মিডিয়াতো বহুল ভাৱে প্ৰচাৰ হোৱা দেখা গৈছে। জুবিন গাৰ্গৰ উপৰি ছবি খনত অভিনয় কৰিছে ক্ৰমে- বিজু ফুকন, নিপন গোস্বামী, বাহাৰুল ইছলাম, দীনেশ দাস,উৎপল দাস,পৰিনীতা বৰঠাকুৰ, দিগন্ত হাজৰিকা, কিংকিনী আদি বহু ন-পুৰণি শিল্পীয়ে। উল্লেখ যে,প্ৰয়াত বিজু ফুকন অভিনীত এই খন হৈছে তেওঁৰ
অন্তিম খন ছবি। চিনেমা খনত সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। গীতৰ কথা শশাংক সমীৰ,ৰাহুল গৌতম শৰ্মা আৰু গল্ডি শ্বাহিলৰ।এই ছবিখন সকলোৱে ভাল পাব বুলিও আশা প্ৰকাশ কৰিছে প্ৰযোজক পক্ষই।

About Staff Reporter

চাব পাৰে

গুৱাহাটীৰ টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীত বলীউদৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ তত্বাৱধানত সম্পন্ন হ’ল অভিনয় কৰ্মশালা*

*ষ্টাফৰিপৰ্টাৰ, ১৫ জুন’ ২০১৯ – টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী (টিএছএ)য়ে উত্তৰ-পূৱৰ পৰিৱেশ্য কলাৰ শিক্ষাৰ্থীসকললৈ ভালেমান অভূতপূৰ্ব …

Leave a Reply

Your email address will not be published. Required fields are marked *