Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা

৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা

৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা

বঙাইগাঁওঃ ১৪ আগষ্টঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলাৰ বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা পুৱা ৫ বজাত এক হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা আৰু ৪৩ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত্বৰ এই হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ ফ্লেগঅফ কৰে বিজনী মহকুমাৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই । প্ৰতিযোগিতাত বিজনীৰ আজিজুল আলীয়ে প্ৰথম স্থান , বঙাইগাঁৱৰ ৰতন চন্দ্ৰ ৰায়ে দ্বিতীয় স্থান আৰু বিজনীৰ সুজিত বসাকে তৃতীয় স্থান লাভ কৰে । আনহাতে ইয়াৰ পিছতে পুৱা ১১ বজাৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ -ছাত্ৰী সকলৰ মাজত ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ক লৈ অনুষ্ঠিত হয় এখনি কুইজ প্ৰতিযোগিতা। উল্লেখ্য যে কাইলৈ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত মহকুমা প্ৰশাসনৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন থলীত প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা সমূহ প্ৰদান কৰা হ’ব।

About Staff Reporter

চাব পাৰে

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়কৰ লগতে ইছলামী সাহিত্য সভা আৰু জে এন …

Leave a Reply

Your email address will not be published. Required fields are marked *