Tuesday , February 19 2019
Home / আঞ্চলিক / ৮ ডিচেম্বৰত লতাশিল খেলপথাৰত সচেতন ৰাইজৰ সমাৱেশ

৮ ডিচেম্বৰত লতাশিল খেলপথাৰত সচেতন ৰাইজৰ সমাৱেশ

 

ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, ৮ ডিচেম্বৰত লতাশিল খেলপথাৰত সচেতন ৰাইজৰ সমাৱেশ ৰ আয়োজন কৰা হৈছে। সংবাদমেলত এই কথা জনালে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই। খিলঞ্জীয়াৰ স্বাৰ্থত ৩টা বিষয়ৰ ওপৰত হ’ব এই সমাৱেশ। ১৯৫১ চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি আৰু সা-সুবিধা, বেপাৰ-বাণিজ্যৰ অনুজ্ঞাপত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰা, সম্পূৰ্ণ পুনৰীক্ষণৰ দ্বাৰা এন আৰ চিৰ বিসংগতি দূৰ কৰি সকলো বিদেশীৰ নাম কৰ্তন কৰা আৰু কোনো ধৰণৰ প্ৰব্ৰজনকাৰী যাতে নতুনকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বা আন প্ৰকাৰে সংস্থাপিত নহয় তাৰ দাবীত এই সমাৱেশৰ আয়োজন। সংবাদমেলত হাজৰিকাই তেওঁ কয় – “খিলঞ্জীয়াৰ অস্তিত্বৰ স্বাৰ্থত প্ৰতিশ্ৰুতি দিও এয়া পূৰণ কৰা নাই চৰকাৰে। জনসাধাৰণ যেনেকৈ নিৰাপত্তাহীনতাত ভূগিছে তেনেকৈ নিৰ্বাচনৰ পূৰ্বে চৰকাৰকো নিৰাপত্তাহীনতাত ভোগাব লাগিব।”

About Staff Reporter

চাব পাৰে

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ।

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ। ষ্টাফ ৰিপোৰ্টৰ–16ফেব্ৰুৱাৰী—- পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনা জোৱানৰ ওপৰত কৰা …

Leave a Reply

Your email address will not be published. Required fields are marked *