Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ পৰ্য্যালোচনা বৈঠক

ৰঙিয়াত ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ পৰ্য্যালোচনা বৈঠক

*ৰঙিয়াত ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ পৰ্য্যালোচনা বৈঠক*

*প্ৰশাসনৰ ব্যাপক সজাগতা অভিযান*

প্ৰতিবেদক,ৰঙিয়া, ১৭ অক্টোবৰ :  ভাৰতৰ  নিৰ্বাচন  আয়োগে এশ শতাংশ নিৰ্ভূল ভোটাৰ তালিকা প্ৰস্তুতৰ লক্ষ্য আগত ৰাখি চেপ্তেম্বৰ মাহৰ ১ তাৰিখৰ পৰা অব্যাহত ৰখা ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ সন্দৰ্ভত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে ৰঙিয়া জিলা নিৰ্বাচন বিভাগে । ইখনৰ পিছত সিখনকৈ সজাগতা সভা আৰু ব্যাপক প্ৰচাৰ অভিযানেৰে যুদ্ধ কালীন তৎপৰতাৰে পৰীক্ষণ কাৰ্যসূচীৰ লগতে নিৰ্বাচনৰ সৈতে জড়িত বিষয়া -কৰ্মচাৰী সকলক লৈ ধাৰাবাহিক ভাৱে পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে ৰঙিয়া নিৰ্বাচন জিলা প্ৰশাসনে । আজি জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ সঞ্চালনাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত ৰঙিয়া নিৰ্বাচন জিলাৰ অন্তৰ্গত ভোটাৰ পঞ্জীয়ন বিষয়া, সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া আৰু বি, এল,  অ’, চুপাৰভাইজাৰ সকলৰ  উপস্থিতত এক গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা  সভা অনুষ্ঠিত হয় । চেপ্তেম্বৰ  মাহৰ ১ তাৰিখৰ পৰা নৱেম্বৰ মাহৰ ১৮ তাৰিখলৈ ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচী  অব্যাহত থকাৰ কথা উল্লেখ কৰি জিলা  নিৰ্বাচন বিষয়া বৰদলৈয়ে পৰীক্ষণ আৰু শুদ্ধতা নিশ্চিত কৰিবৰ বাবে অনুসৰণ কৰিবলগীয়া ৫টা পদক্ষেপৰ বিষয়ে সাৱলীল ভাৱে সভাত উপস্থাপন কৰে ।তেখেতে অধিক তথ্যৰ  বাবে www.nvsp.in ত লগ্ ইন্ কৰিবলৈ নাইবা Voter Helpline ভোটাৰ ম’বাইল এপচ্ ডাউনলোড কৰিবলৈ আহ্বান জনায়। এই সভাত  ৰঙিয়া জিলা নিৰ্বাচন বিষয়া বৰদলৈয়ে জানিব দিয়ে যে, প্ৰথম পদক্ষেপত  ভোটাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰি ডব্লিউ ডব্লিউ ডব্লিউ ডট্ এন ভি এছ পি ডট্ ইন্ ত লগ্ ইন্ কৰিব লাগিব  । দ্বিতীয় পদক্ষেপত নাম,  জন্ম তাৰিখ, লিংগ, সম্পৰ্কিত ব্যক্তিৰ নাম, ঠিকনা, ফটো আদিৰ তথ্য পৰীক্ষা কৰি চাব পাৰে । তৃতীয়তে শুধৰণি কৰিবলগীয়া বা সালসলনি কৰিব লগীয়া তথ্য থাকিলে সঠিক প্ৰামাণিক তথ্য দাখিল কৰিব লাগিব, চতুৰ্থতে ঠিকনাৰ প্ৰমাণ পত্ৰ আপলোড কৰিব লাগিব আৰু পঞ্চম পদক্ষেপত ম’বাইল নম্বৰ  আৰু ই-মেইল আই  ডি দাখিল কৰিব লাগিব । তাৰোপৰি  ১৯৫০ নম্বৰত ফোন কৰি বা নিকটৱৰ্তী চক্ৰ বিষয়াৰ  কাৰ্যালয়ত নতুবা বিভিন্ন স্থানত স্থাপন কৰা ভোটাৰ সহায়তা কেন্দ্ৰ সমূহত  গৈও যাৱতীয় পৰীক্ষণ সম্পন্ন কৰিব পাৰে বুলি উল্লেখ কৰি জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ বৰদলৈয়ে সকলোকে এই বৃহত্তম ভোটাৰৰ তথ্য পৰীক্ষা অভিযানৰ অংশীদাৰ হ’বলৈ আহবান জনায় ।  সভাত ভোটাৰ পঞ্জীয়ন বিষয়া তথা ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এমিলী বৰুৱা, ভাৰপ্ৰাপ্ত মহকুমা নিৰ্বাচন বিষয়া চম্পক ডেকা, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা,  উপ-পঞ্জীয়ন বিষয়া মনজিৎ দাস প্ৰমূখ্যে ৰঙিয়া মহকুমা প্ৰশাসনৰ ভালেমান বিষয়া উপস্থিত থাকে । ইফালে জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতিৰ নিৰ্দেশত মহকুমা তথ্য আৰু জনসংযোগ বিভাগে ৰঙিয়া চহৰৰ লগতে গোৰেশ্বৰ, কমলপুৰ আৰু ৰঙিয়া বিধানসভা সমষ্টি এলেকাৰ চুকে -কোণে  ভোটাৰ তালিকা পৰীক্ষণ  কাৰ্যসূচী  সন্দৰ্ভত ব্যাপক প্ৰচাৰ অভিযান চলাই আছে ।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *