Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত অগপৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দীপেস দাস আৰু আঞ্চলিকৰ সম্পাদক হিৰণ কলিতাৰ পদত্যাগ

ৰঙিয়াত অগপৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দীপেস দাস আৰু আঞ্চলিকৰ সম্পাদক হিৰণ কলিতাৰ পদত্যাগ

ৰঙিয়াত অগপৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দীপেস দাস আৰু আঞ্চলিকৰ সম্পাদক হিৰণ কলিতাৰ পদত্যাগ*
প্ৰতিবেদক, ৰঙিয়া, ১৩ আগষ্ট :
ৰঙিয়া অগপ সমষ্টি সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক তথা ৰঙিয়া জিলা সমিতিৰ কাৰ্য্যনিৰ্বাক সদস্য দীপেশ দাসৰ লগতে বৈদ্যগড় আঞ্চলিক সমিতিৰ সম্পাদক হিৰণ কলিতাই আজি আনুষ্ঠানিক ভাবে অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰে। দুয়োজন নেতাই অসম গণ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সম্পাদক নাজিমুদ্দিন আহমেদৰ হাতত আনুষ্ঠানিক ভাবে পদত্যাগ পত্ৰ প্ৰদান কৰে । ইতিমধ্যে পদত্যাগ কৰা প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ অগপ নেতা দুগৰাকীয়ে প্ৰায় চৈধ্য বছৰ কাল ৰঙিয়াত অগপ দলটোক শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল । অগপ দলৰ সক্ৰিয় কৰ্মী হিচাপে লাগি থকা দুগৰাকী নেতাই এনেদৰে দল এৰি যোৱাটো দলটোৰ বাবে এক মোক্ষম আঘাত। ইফালে নেতা দুগৰাকীয়ে পদত্যাগ পত্ৰখনত যদিও ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে, প্ৰকৃততে ইয়াৰ আঁৰত যে দলটোৰ ভিতৰত কেইবাজনো নেতাৰ নিষ্ক্ৰিয়তাৰ বাবে এনে সিদ্ধান্ত লৱ লগা হল এইটো নিশ্চিত । আন এক সুত্ৰৰ পৰা জানিব পৰা মতে অচিৰেই নেতা দুগৰাকীৰ লগতে ৰঙিয়াৰ অগপ আৰু যুৱ পৰিষদৰ বৃহৎ দল এটাই বিজেপিত যোগদান কৰিব । যদিহে সূত্ৰটোয়ে জানিব দিয়া মতে অগপ আৰু যুৱ পৰিষদৰ বৃহৎ সংখ্যাক নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে তেতিয়া হলে ৰঙিয়াত অগপৰ ভেটি থানবান হব ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *