Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত আদৰণি তোৰন, পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ভৱেশ কলিতাই

ৰঙিয়াত আদৰণি তোৰন, পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ভৱেশ কলিতাই

*ৰঙিয়াত আদৰণি তোৰন, পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ভৱেশ কলিতাই*

প্ৰতিবেদক, ৰঙিয়া ৭ নৱেম্বৰঃ ৰাজ্যৰ জলসিঞ্চন ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই আজি ৰঙিয়া ছোছাইটি চকত  প্ৰায় ১৬ কৌটি টকা ব্যয় সাপেক্ষ ৰঙিয়া চহৰৰ প্ৰৱেশ পথত ৰঙিয়াৰ ইতিহাস সম্বলিত বিশাল আদৰণি তোৰন আৰু ৰঙিয়া ছোছাইটি চকৰ পৰা চহৰৰ  এন টি ৰোড সংযোগী  দ্বৈত পথৰ আধাৰশিলা স্থাপন কৰে।অসমৰ গড়কাপ্তানী তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ দ্বাৰা উদ্ধোধনী কৰাৰ কথা আছিল যদিও মন্ত্ৰী শৰ্মাই বিশেষ অসুবিধাত উপস্থিত থাকিব নোৱাৰিলে। সভাত মন্ত্ৰী ভৱেশ কলিতাই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে দুখীয়া ৰাইজৰ বাবে প্ৰবৰ্তন কৰা বিভিন্ন আঁচনিৰ বহলাই ব্যাখ্যা কৰে। বিৰোধী কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপি দলে যি প্ৰতিশ্ৰুতি দিয়ে সেয়া অক্ষৰে অক্ষৰে পালন কৰে। ইয়াৰ প্ৰমান তিনি টকাৰ চাউল এটকাত বিতৰণ, বিনামূলীয়া ঘৰ, ৰন্ধন গেছ, বিদ্যুত, শৌচালয় আদি দুখীয়া ৰাইজক প্ৰদান। দুখীয়া ৰাইজৰ বাবে এই আঁচনি সমূহ ঘোষণা কৰাৰ সময়ত কংগ্ৰেছ দলে বিশ্বাস নকৰা বাবেই কংগ্ৰেছে সমালোচনা কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এই বাবেই এতিয়া কংগ্ৰেছৰ মুখ বন্ধ। তেওঁ ৰঙিয়াৰ সকলো সভাত সম্পূৰ্ণ ৰূপে প্লাষ্টিক মুক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা বুলি উল্লেখ কৰি আজিৰ পৰা ৰঙিয়াৰ সকলো ৰাজহুৱা সভাত প্লাষ্টিকৰ আচ্ছাদনৰ পৰিৱৰ্তে কল পাতেৰে আচ্ছাদনৰ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষনা কৰে। সভাত  ৰঙিয়া গড়কাপ্তানি পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই তপন পাল সহ  উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি ৰমেশ চন্দ্ৰ ডেকা, ৰঙিয়া টাউন মণ্ডল বিজেপিৰ সভাপতি দ্বিপেন চক্ৰৱৰ্তী, গ্ৰাম্য মণ্ডলৰ সভাপতি শিশিৰ ভাগৱতী, গোৰেশ্বৰ মণ্ডলৰ সভাপতি ৰনেন নাৰ্জাৰী, ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি শিপ্ৰা দাস, পূৱ বড়িগোগ জিলা পৰিষদৰ সদস্যা ৰুপালী দেৱী, বিজেপি নেতা সুবল পাল, উত্তম পাল, বিদ্যুত ডেকা, নৱ কলিতা সহ অন্যান্য নেতৃবৃন্দ উপস্থিত আছিল।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *