Sunday , December 15 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৰঙিয়াত উচ্চতৰ মাধ্যমিক ছাত্ৰৰ মাণ্ডলিক ভিত্তিৰ ফুটবলত নলবাৰী চেম্পিয়ন

ৰঙিয়াত উচ্চতৰ মাধ্যমিক ছাত্ৰৰ মাণ্ডলিক ভিত্তিৰ ফুটবলত নলবাৰী চেম্পিয়ন

*ৰঙিয়াত উচ্চতৰ মাধ্যমিক ছাত্ৰৰ মাণ্ডলিক ভিত্তিৰ ফুটবলত নলবাৰী চেম্পিয়ন*

প্ৰতিবেদক, ৰঙিয়া, ১৯ নৱেম্বৰ : অসম
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উদ্যোগত আৰু কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ সহযোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি উচ্চতৰ মাধ্যমিক ঊনৈশ অৰ্ধৰ ছাত্ৰৰ মাণ্ডলিক ভিত্তিত ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হয় ।মাণ্ডলিক ভিত্তিৰ খেলত অংশগ্ৰহণ কৰে কামৰূপ, বাকছা, নলবাৰী, ওডালগুৰি আৰু দৰং জিলাই।আজিৰ ফাইনেল খেলত নলবাৰী জিলা আৰু বাকছা জিলাৰ মাজত অনুষ্ঠিত খেলখনত নলবাৰী জিলাই বাকছাক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ৰঙিয়াৰ মাণ্ডলিকত চেম্পিয়ন হয়। আজিৰ খেলসমূহত উদ্বোধক হিচাপে উপস্থিত থাকে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা,কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰাই ।খেলৰ শেষত বটাঁ বিতৰণী কৰাৰ লগতে খেল পৰিচালক কামেশ্বৰ মেধি, পহৰেদ আলী আহমেদ, ধ্ৰুৱজ্যোতি কলিতা, সতীশ ডেকা, বাহাৰুল ইছলাম, জয়ন্ত মাধৱ দাস, ৰিজুল হক চৌধুৰী, দিপক বুজৰবৰুৱা আৰু অচ্যুতানন্দ কলিতাক সম্বৰ্ধনা জনায় কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰাই।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

মধ্য কামৰূপ ফুটবলত আৰ এম এফ চি ফাইনেলত

*মধ্য কামৰূপ ফুটবলত আৰ এম এফ চি ফাইনেলত* প্ৰতিবেদক, ৰঙিয়া , ১৭ নৱেম্বৰ : মধ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *