Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ

নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে

উত্তৰ কামৰূপ, ১৮ জুনঃ ৰঙিয়াত হঠাৎ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ ৰঙিয়া চহৰৰ কিছুুমান অঞ্চলৰ লগতে ওচৰ পাজৰৰ কেইবাটাও ঠাইত সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পিি পৰাৰ বাতৰি পোৱা গৈছে ৷ শেহতীয়াকৈ ৰঙিয়াৰ ৭ নং ওৱাৰ্ডৰ সৰবৰহী যুৱক পবিন মন্ডলে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আই চি ইউত মৃত্যুৰ সৈতে যুঁজি থকাৰ বাতৰি পোৱা গৈছে। জানিব পৰামতে যুৱকজন প্ৰথমতে সাধাৰণ জ্বৰত আক্ৰান্ত হৈছিল যদিও পিছত জ্বৰ নকমাত জি এম চি এইচত ভৰ্তি হয় ৷ জি এম চি এইচত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত চিকিৎসকে তেওঁৰ জাপানীজ এনকেফেলাইটিছ ৰোগ হোৱা বুলি নিশ্চিত হয় ৷ ইতিমধ্যে যুৱকজনৰ শৰীৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ বীজাণুৱে ভৱাবহ সংক্ৰমণ সংঘটিত কৰাত তেওঁক আই চি ইউত ভৰ্তি কৰাৰ প্ৰয়োজনীয়তা আহি পৰে যদিও জি এম চি এইচত সেই সময়ত আই চি ইউ খালী নথকাত তেওঁক গুৱাহাটীৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ৷ সম্প্ৰতি যুৱকজনে হাস্পটালখনৰ আই চি অ’ত মৃত্যুৰে যুঁজ দি আছে যুৱকজনে ৷ ৰঙিয়াৰ নানা প্ৰান্তত সম্প্ৰতি এনেদৰে বহুলোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ অলপতে ৰঙিয়া চহৰৰ তিনিআলিত তিনিদিনৰ জ্বৰতে এগৰাকী কনমানি শিশুয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল ৷ প্ৰথমে শিশুটিক ঘৰতে চিকিংসা কৰাৰ পিছত চিকিৎসকৰ ওচৰলৈ নিয়াত চিকিৎসকে শিশুটিৰ মগজু ভয়াবহ ৰূপত বীজানুৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ঘোষণা কৰিছিল ৷ ৰঙিয়াত এইদৰে জাপানীজ এনকেফেলাইটিছ বিয়পি পৰাৰ পিছতো ৰঙিয়া প্ৰশাসন, পৌৰ সভা তথা স্বাস্থ্য বিভাগে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা বুলি গুৰুতৰ অভিযোগ উথ্থাপিত হৈছে । এই মাৰাত্মক ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰী বিভাগে এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এই ৰোগ যাতে মহামাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰবাবে ৰাইজে স্বাস্থ্য বিভাগক চহৰখনৰ লগতে কাষৰীয়া অঞ্চলসমূহত মহ নিবাৰনৰ বাবে ডি ডি টি ছটিওৱাৰ উপৰিও মহ নিবাৰক ধোৱা স্প্ৰে কৰাৰ বাবে আহ্বান জনাইছে ৷ অকল সেয়াই নহয় ৰাইজে এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰো দাৱী জনাইছে ৷

About Staff Reporter

চাব পাৰে

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *