Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত জুম্মাৰ নামাজ জামে মছজিদ সমূহত ৩ জনে আদায় কৰাৰ সিদ্ধান্ত

ৰঙিয়াত জুম্মাৰ নামাজ জামে মছজিদ সমূহত ৩ জনে আদায় কৰাৰ সিদ্ধান্ত

কৰ’না মহামাৰীক প্ৰতিৰোধৰ লক্ষ্য

ৰঙিয়াত জুম্মাৰ নামাজ জামে মছজিদ সমূহত ৩ জনে আদায় কৰাৰ সিদ্ধান্ত

প্ৰতিবেদক, ৰঙিয়া, ২৬ মাৰ্চঃ

সমগ্র বিশ্বতে মাৰাত্মক কৰ’না ভাইৰাছৰ আতংকৰ পৰা ৰক্ষা পাবলৈ চলি থকা সময়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লকডাউনৰ জৰিয়তে ৰোগ প্ৰতিৰোধ আইন বলবৎ কৰিছে। এই আইন মৰ্মে ধৰ্মীয় উপাসনা গৃহ অৰ্থাৎ মছজিদ সমূহত ইমাম চাহেব সহ তিনি বা চাৰিজন মুছল্লিয়ে নামাজ আদায় কৰিবলৈ কোৱা হৈছে।
চৰকাৰৰ প্ৰস্তাৱ সমূহত জমিয়ত উলামায়ে হিন্দেৰ লগতে বিশ্ব বিখ্যাত দেওবন্দ মাদ্ৰাছৰ পৰাও পূৰ্ণ সমৰ্থন জনাইছে।এই সন্দৰ্ভত ৰঙিয়া মহকুমাৰ ৰঙিয়া টাউন মছজিদ,ৰঙিয়া শৌলমাৰী মছজিদ, মূৰাৰা মছজিদৰ পৰিচালনা সমিতিয়ে কাইলৈ মাথোঁ তিনিজনেহে জামে মছজিদত জুম্মাৰ নামাজ আদায় কৰাৰ বাবে মাইকযোগে প্ৰচাৰ কৰিছে।আনহাতে প্ৰশাসনৰ নিৰ্দেশ মৰ্মে শুক্রবাৰৰ জুমাৰ নামাজ সকলো জামে মছজিদতে তিনিজনে মিলি জামাতত আদায় কৰি বাকী সকলোৱে ঘৰত জোহৰৰ নামাজ আদায় কৰিব বুলি জানিব পৰা গৈছে। প্ৰথমতে নিজে সুৰক্ষিত হওক আৰু লগতে আনকো সুৰক্ষিত কৰক। এয়া প্ৰত্যেকজন মানৱ দৰদীৰ দায়িত্ব আৰু কৰ্তব্য।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *