Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো স্তব্ধ

ৰঙিয়াত জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো স্তব্ধ

ৰঙিয়াত জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো স্তব্ধ
মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ নিৰ্দেশত ঘাইপথত বেৰিগেড
ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ২৬ মাৰ্চঃ সম্প্ৰতি বিশ্বজুৰি দেখা দিয়া নভেল কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰঙিয়া মহকুমা প্ৰশাসনে । এই মৰ্মে আজি ৰঙিয়াৰ চহৰৰ মাজমজিয়াৰে অতিক্ৰম কৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশত মহকুমা আৰক্ষী প্ৰশাসনে ঘাইপথত বাহঁ বান্ধি বেৰিগেড বনাই অন্য ৰাজ্যৰ পৰা অহা যানবাহনৰ চলাচল সম্পূৰ্ণ অচল কৰিছে ।কিন্তু জৰুৰীকালীন সেৱাৰ বাবে অসুবিধা নোহোৱাৰ ব্যৱস্থা ৰাখিছে ।মহকুমা প্ৰশাসনৰ তৰফৰপৰা সমূহ জনসাধাৰণক সতৰ্কিত হোৱা আৰু শংকিত নোহোৱাৰ লগতে অনাহকত ঘৰৰ ভিতৰৰ পৰা ওলাই নাহি নিজৰ লগতে পৰিয়ালক সুৰক্ষিত কৰাৰ আহ্বান জনাইছে মহকুমা নিৰ্বাচনী বিষয়া ৰিপনজ্যোতি নাথ, সহকাৰী আয়ুক্ত জয়ন্ত দাস, চম্পক ডেকা, ৰাজহ চক্ৰ বিষয়া মনালী জৈনে। আনহাতে ৰঙিয়া পৌৰসভাৰ লগতে স্বেচ্ছাসেৱী সংগঠন প্ৰভাতী কিৰণৰ সহযোগত ৰঙিয়া ৰেলৱে ষ্টেচন, মাছ বজাৰৰ উপৰি পৌৰসভা এলেকাত ছেনিটাইজ কৰা হৈছে। আনহাতে মহকুমাটোৰ চিকিৎসা বিভাগে অন্য ৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা লোক সকলৰ গৃহত গৈ ৰোগৰ পৰীক্ষা কৰাৰ উপৰি আছুতীয়াকৰণ বাসগৃহ হিচাপে চিনাক্তকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংগঠন মূৰাৰা খৈৰাবাৰীৰ ফুটগধূলী ক্লাবেও নিজ এলেকাত ঘৰে ঘৰে গৈ ছেনিটাইজ বিতৰণ কৰিছে। ইয়াৰোপৰি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাই স্থিৰ অনুভাষ যন্ত্ৰ যোগে ৰঙিয়া মহকুমাত কৰ’ণা ভাইৰাচৰ সজাগতাৰ লগতে তলাবন্ধ কাৰ্যসূচীৰ ওপৰত অভিযান অব্যাহত ৰাখিছে ।মহকুমা আৰক্ষী বিষয়া কংকন জ্যোতি নাথৰ নিৰ্দেশত আৰক্ষীৰ দ্বাৰা ঘৰৰ বাহিৰত ওলোৱা লোকসকলক সোধপোছ কৰা হৈছে। মহকুমা প্ৰশাসনৰ নিষেধাজ্ঞা উলঙ্ঘা কৰা সকলৰ ওপৰত আৰক্ষীক কঠোৰ হ’বলৈও নিৰ্দেশ দিয়া হৈছে।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *