Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত তলাবন্ধ কাৰ্যসূচী সৰ্বাত্মক

ৰঙিয়াত তলাবন্ধ কাৰ্যসূচী সৰ্বাত্মক

ৰঙিয়াত তলাবন্ধ কাৰ্যসূচী সৰ্বাত্মক

মহকুমা প্ৰশাসনৰ চৌদিশে অভিযান

জিলাখনত ৰাতিপুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ খোলা থাকিব গেলামালৰ দোকান
ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ২৫ মাৰ্চঃ
সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ ভাৰতত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে সতৰ্কতা মূূলক কাৰ্যসূচী হিচাপে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি ঘোষণা কৰিছে লক-ডাউন। প্ৰধানমন্ত্ৰী মোদীয়েে কালি দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণত অহা ১৪ এপ্ৰিললৈকে ২১ দিন সমগ্ৰ দেশব্যাপি তলাবন্ধ ঘোষণা কৰে। এই সময়ছোৱাত জৰুৰী সেৱাৰ কৰ্মীসকলৰ বাহিৰে আন লোকক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনায়।দেশৰ অন্যান্য অংশৰ লগতে ৰঙিয়াতো প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কালি সন্ধিয়াৰ পৰা জনসাধাৰণে পালন কৰে তলাবন্ধ কাৰ্যসূচী। এই তলাবন্ধ কাৰ্যসূচীৰ ফলত সমগ্ৰ ৰঙিয়া মহকুমা স্থবীৰ হৈ পৰা পৰিলক্ষিত হয়। ৰঙিয়াৰ সদা ব্যস্ত ৰেল ষ্টেচন এতিয়া জনমানৱ শূন্য। এই তলাবন্ধ কাৰ্য্যসূচীী সফল কৰি তুলিবলৈ প্ৰশাসনৰ তৰফৰপৰা মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ, মহকুমা আৰক্ষী বিষয়া কংকন জ্যোতি নাথৰ উপৰি মহকুমা নিৰ্বাচনী বিষয়া ৰিপনজ্যোতি নাথ, সহকাৰী আয়ুক্ত জয়ন্ত দাস, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাৰ নেতৃত্বত আৰক্ষী আৰু দণ্ডাধীশৰ দলে মহকুমাটোৰ চৌদিশে অভিযান চলাই ৰাইজক ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ লগতে ভাইৰাছৰ ভয়াবহতা সন্দৰ্ভত ৰাইজক সজাগ কৰি তোলে। এই নিষেধাজ্ঞা অমান্য কৰি ঘৰৰ বাহিৰত ওলাই আহিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰাইজক সকীয়াই দিয়ে আৰক্ষী প্ৰশাসনে। তলাবন্ধৰ সময়ছোৱাত জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাসমূহ নিশ্চিত কৰিবলৈ প্ৰশাসনে যতপৰোনাস্তি চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। ইপিনে কাইলৰ পৰা কামৰূপ জিলাত গেলামালৰ দোকান খোলাৰ সময়সূচীৰ কিছু পৰিৱৰ্তন কৰা বুলি উপায়ুক্তৰ তৰফৰপৰা এক বিজ্ঞপ্তি জাৰি কৰা হৈছে। কাইলৰ পৰা এই দোকান সমূহ পুৱা ১০ বজাৰ দিনৰ ১ বজালৈ খোলা ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ইফালে, মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্তৰ নিৰ্দেশত মহকুমা তথ্য আৰু জনসংযোগ বিভাগে স্থিৰ অনুভাষ যন্ত্ৰ যোগে ৰঙিয়া মহকুমাত কৰ’ণা ভাইৰাচৰ সজাগতাৰ লগতে তলাবন্ধ কাৰ্যসূচীৰ ওপৰত অভিযান অব্যাহত ৰাখিছে ।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *