Sunday , February 23 2020
Home / আঞ্চলিক / ৰঙিয়াত তীৰ খেলৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

ৰঙিয়াত তীৰ খেলৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

ৰঙিয়াত তীৰ খেলৰ বিৰুদ্ধে প্ৰতিবাদী সমদল।

পঙ্কজ নাথ, চাংসাৰি, ২৯ এপ্ৰিল :

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত তীৰ জুৱাৰ অবাধ প্ৰচলনে সৰ্বহাৰা কৰিছে বহু পৰিয়ালক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই সৰ্বনাশী তীৰ জুৱা খেল চলি থকাৰ সমান্তৰালকৈ কামৰূপ জিলাৰ ৰঙিয়া আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত এই তীৰ জুৱা খেলখন বৰ্তমান সময়ত অবাধে পুণ্যদ্যমে চলিব ধৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া চহৰত আজি সোমবাৰে গৰীৱ নন্দন জনকল্যাণ সমিতিৰ অধীনত প্ৰতিক্ষা ওৱেলফেয়াৰ এচোচিয়েচন আৰু সংকল্প ওৱেলফেয়াৰ এচোচিয়েচনৰ সৌজন্যত সমগ্ৰ অসমত চলি থকা তীৰ জুৱাখেলৰ বিৰুদ্ধে এক সমদল উলিয়াই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত সমগ্ৰ অসমত তীৰ খেল বন্ধ কৰক, তীৰ মাফিয়া হাচিয়াৰ, তীৰ মাফিয়া লেই লেই চেই চেই আদি শ্লোগানেৰে ৰঙিয়া চহৰৰ আকাশ বতাহ কপাই তোলে গৰীৱ নন্দন জনকল্যাণ সমিতিৰ সদস্যৰ লগতে সচেতন ৰাইজে । আজিৰ এই প্ৰতিবাদী সমদলৰ মাজৰ পৰাই গৰীৱ নন্দন জনকল্যাণ সমিতিৰ সভাপতি বিপুল কলিতাই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী প্ৰধান সঞ্চালক এই তীৰ মাফিয়া সকলক নাকী লগাবলৈ দাবী উত্থাপন কৰে। ইয়াৰ অন্যথা হলে গৰীৱ নন্দন জনকল্যাণ সমিতিয়ে আইন হাতত তুলি লৈ নিজেই তীৰ মাফিয়া সকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তীব্ৰ হুংকাৰ প্ৰদান কৰে।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *