Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত দিন দুপৰতে পিষ্টল দেখুৱাই ধন লুটৰ চেষ্টা দুৰ্বৃত্তৰ

ৰঙিয়াত দিন দুপৰতে পিষ্টল দেখুৱাই ধন লুটৰ চেষ্টা দুৰ্বৃত্তৰ

@ৰঙিয়াত দিন দুপৰতে পিষ্টল দেখুৱাই ধন লুটৰ চেষ্টা দুৰ্বৃত্তৰ

#এজেন্ট বিকাশ দাসৰ প্ৰানে মৰাৰ ভাবুক দুৰ্বৃত্তৰ

@পিষ্টল দেখুৱাই ধনলুটৰ চেষ্টা দুৰ্বৃত্তৰ I

ৰঙিয়াৰ পৰা তুলতুল আহমেদ
#ৰঙিয়া সদৰ থানাৰ অন্তৰ্গত ৰঙিয়া-গোৰেশ্বৰ পথৰ মিলনপুৰত আজি দুপৰীয়া দুজনীয়া ডকাইতে আশা আন্তৰ্জাতিক কোম্পানী নামৰ এটা বে-চৰকাৰী বিত্তীয় সংস্থাৰ এজেন্ট এজনক পিষ্টল দেখুৱাই ধনলুটৰ চেষ্টা চলায়। জানিব পৰা মতে, বিত্তীয় কোম্পানীটোৰ ধন সংগ্ৰহক বিকাশ দাসে কাছাৰী শৌলমাৰী, হিৰাগাটা অাদি গাওঁৰ পৰা মাহিলী সঞ্চয়ৰ ধন লৈ ৰঙিয়া টাউনলৈ নিজৰ চাইকেলেৰে আহি থকা অৱস্থাতে মুৰাৰাৰ সমীপৰ মিলনপুৰত গ্লেমাৰ বাইকত অহা দুই দুৰ্বৃত্তই এজেন্ট দাসক আগভেটি ধৰি ডকাইতি কৰাৰ চেষ্টাত চলাই । এজেন্ট বিকাশ দাসৰ লগত সংগ্ৰহ কৰি অনা ধন প্ৰায় ৪৮ হাজাৰ টকা আছিল, যদিও দিবলৈ অমান্তি হোৱাত প্ৰাণে মৰাৰ ভাবুকি দিয়ে । তেনে মূহুৰ্ততে দাসে হুৱা দুৱা লগোৱাত ৰাইজ ওলাই অহাত দুই দুৰ্বৃত্তই মিলনপুৰ খৈৰাবাৰী পথেৰে পলায়ন কৰিবলৈ সক্ষম হয়। তাৰপিছতে স্থানীয় ৰাইজে ৰঙিয়া সদৰ থানাত অৱগত কৰোৱাত ৰঙিয়া থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এজেন্ট বিকাশ দাসক উদ্ধাৰ কৰি ৰঙিয়া আৰক্ষী থানালৈ আনি তদন্ত আৰম্ভ কৰে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *