Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত পৌৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি মহকুমা প্ৰশাসনৰ

ৰঙিয়াত পৌৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি মহকুমা প্ৰশাসনৰ

ৰঙিয়াত পৌৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি মহকুমা প্ৰশাসনৰ

১০ টা ৱাৰ্ডৰ আসন সংৰক্ষণক লৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, ২৭ ফেব্ৰুৱাৰী :

অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ নিৰ্দেশ মৰ্মে অনুসূচীত জাতি, জনজাতি আৰু মহিলাৰ বাবে আগন্তুক পৌৰ নিৰ্বাচন-২০২০ৰ আসন সংৰক্ষণৰ কাৰণে আজি প্ৰস্তুতি চলাই ৰঙিয়া মহকুমা প্ৰশাসনে। ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ সঞ্চালনাত ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত দহটা ৱাৰ্ডৰ আসন সংৰক্ষণক কেন্দ্ৰ কৰি মহকুমাটোৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । উল্লেখ্য যে মহকুমাটোৰ কমলপুৰ সমষ্টিৰ ২টা আৰু ৰঙিয়া সমষ্টিৰ ৮ টা ৱাৰ্ডৰে ৰঙিয়া পৌৰসভা এলেকাৰ মুঠ ২৭,৯৮৯ জন জনসংখ্যাৰে গঠিত । আজিৰ বৈঠকৰ অন্তত ইয়াৰে ৩ (তিনি) নং ৱাৰ্ডটো অনুসূচীত জনজাতিৰ মহিলাৰ বাবে,৭ (সাত )নং ৱাৰ্ডটো অনুসূচীত জাতিৰ মহিলাৰ বাবে আৰু ৪ (চাৰি),৯ (ন), ১০(দহ)নং ৱাৰ্ডকেইটা মহিলাৰ বাবে সংৰক্ষিত কৰাৰ সিদ্ধান্ত লোৱা হয় ।উল্লেখ্য যে, যিহেতু মহিলাৰ কাৰণে ৫০শতাংশ আসন সংৰক্ষণ হব লাগিব।অৰ্থাৎ ৫টা (অনুসূচীত জাতি আৰু জনজাতি মিলাই)। বিগত ২০১৫ চনৰ নিৰ্বাচনত ১,২,৫,৬,আৰু ৮ নং ৱাৰ্ড কেইটা মহিলাৰ বাবে সংৰক্ষিত আসন আছিল।আজিৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতত অনুষ্ঠিত এই বৈঠকত মহকুমা নিৰ্বাচন বিষয়া ৰিপনজ্যোতি নাথ, সহকাৰী আয়ুক্ত তথা পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকা, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, গৱেষণা সহায়ক বিনোদ কুমাৰ ৰহাং, ভাৰতীয় জনতা পাৰ্টীৰ দিপ্তী লহকৰ, উত্তম পাল, প্ৰদীপ কাকতি, নলিনী মল্ল বৰুৱা, দ্বীপেন চক্ৰৱৰ্তী, ভৱেশ ডেকা, দ্বীনেশ মহন্ত, সুৱল পাল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্ধৱ দাস,চিপিআই (এম)ৰ বিবেকানন্দ অধিকাৰী আৰু অসম গণ পৰিষদৰ হৈ বাহাৰুল ইছলামে অংশগ্ৰহণ কৰে । বৈঠকত সহকাৰী আয়ুক্ত তথা পৌৰ নিৰ্বাচনৰ দণ্ডাধীশ চম্পক ডেকাই জনাই যে, কাইলৈ অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীত খচৰা ভোটাৰ তালিকা প্ৰকাশ হ’ব । দাবী আপত্তি দাখিলৰ তাৰিখ ১০ মাৰ্চলৈ । দাবী, আপত্তি দাখিল তালিকা প্ৰকাশৰ তাৰিখ ১২ মাৰ্চলৈ ।দাবী, আপত্তি নিষ্পত্তি কৰণৰ অন্তিম তাৰিখ ২১ মাৰ্চ আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ অহা ২৭ মাৰ্চ । লক্ষণীয় যে, ৰঙিয়া মহকুমাৰ দায়িত্ব গ্ৰহণৰ পিছত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ এইখনেই আছিল প্ৰথম বৈঠক ।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *