Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াত বানপীড়িতৰ আশ্ৰয় শিবিৰত মন্ত্ৰী ভৱেশ কলিতা

ৰঙিয়াত বানপীড়িতৰ আশ্ৰয় শিবিৰত মন্ত্ৰী ভৱেশ কলিতা

ৰঙিয়াত বানপীড়িতৰ আশ্ৰয় শিবিৰত মন্ত্ৰী ভৱেশ কলিতা

মহকুমাধিপতিৰে বৈঠক কামৰূপৰ উপায়ুক্তৰ
উত্তৰ কামৰূপ , ১৭ জুলাই : ৰঙিয়া মহকুমাত পূৰ্বৰ তুলনাত জলস্তৰ আজি সামান্য হ্ৰাস পাইছে যদিও বৰ্তমানেও বিপদ সীমাৰ ওপৰেৰেই বৈ আছে মহকুমাটোৰ আটাইকেইখন উপনৈ । জলসম্পদ বিভাগৰ তথ্য মতে , মহকুমাটোৰ বৰলীয়া নৈ ৫২.৯৭ মিটাৰ, নোনা ৫২.৯০ মিটাৰ আৰু পুঠিমাৰী নৈ ৫২.৬৫ মিটাৰ জলস্তৰেৰে বৈ আছে । কৃষি বিভাগৰ সমীক্ষা মতে, আজিৰ দিনটোলৈ ৰঙিয়া মহকুমাৰ ১১৬ খনকৈ গাঁৱৰ ২৪১২.৭৫ হেক্টৰ কৃষিভূমি বানপানীৰ কবলত পৰিছে । আক্ৰান্ত হৈছে ৬,২৬৮ কৃষক পৰিয়াল । আনহাতে,ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান আজিও পূৰ্ণগতিত অব্যাহত আছে । ইফালে,অসমৰ জলসিঞ্চন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই বানপীড়িত এলেকা ভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লৈ যাবতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মহকুমা প্ৰশাসনৰ সৈতে ইতিমধ্যে সঘন যোগাযোগ অব্যাহত ৰাখিছে । আজি মন্ত্ৰী কলিতাই মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈক লগত লৈ ৰঙিয়া মহকুমাৰ বানপীড়িতৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বান সাহায্য আগবঢ়োৱাৰ লগতে তেখেতসকলৰ সৈতে মত বিনিময় কৰে । মন্ত্ৰী গৰাকীয়ে মহকুমাধিপতিৰ উপস্থিতিত ৰঙিয়া পৰিদৰ্শন বঙলাত মহকুমাটোৰ চক্ৰ বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বানপৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । আনপিনে মহকুমাটোৰ ভয়াবহ বান পৰিস্থিতিৰ বুজ লোৱাৰ নিমিত্তে আজি কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যইও ৰঙিয়াত উপস্থিত হৈ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । উল্লেখ্য যে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি বৰদলৈয়ে বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি সাহাৰ্য্য আৰু উদ্ধাৰ অভিযানৰ বাবে ব্যাপক তৎপৰতাৰে ইতিমধ্যেই মহকুমাটোৰ দণ্ডাধীশ আৰু প্ৰতিজন বিষয়া -কৰ্মচাৰীক এই জৰুৰীকালীন সময় চোৱাত সৰ্বোত্তম সেৱা প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ে সদৰি কৰা মতে, এই মুহুৰ্তলৈ ৰঙিয়া মহকুমাৰ বানৰ কবলত পৰা ২৪১২.৭৫ হেক্টৰ কৃষিভূমিৰ ভিতৰত আছে শালি ধান সিচাঁ ভূমি ১১২.২৫ হেক্টৰ, কঠিয়া ৰোৱা ভূমি ২২৪৯ .৫ হেক্টৰ, শাক-পাচলি আৰু অন্যান্য কৃষিভূমি ৫১হেক্টৰ । সাম্প্ৰতিক বানত মহকুমাটোৰ নকুল কৃষি উন্নয়ন অঞ্চলৰ ২০ খন, লোচ কৃষি উন্নয়ন অঞ্চলৰ ৩০ খন, ৰঙিয়া কৃষি উন্নয়ন অঞ্চলৰ ২৮খন, কমলপুৰ কৃষি উন্নয়ন অঞ্চলৰ ১১খন, বেজেৰাৰ ৬ খন, বালিসত্ৰৰ ১৩ খন আৰু চাংসাৰিৰ ৮ খনকৈ গাঁৱৰ কৃষিভূমি পানীত জাহঁ গৈছে । এই গাওঁসমূহৰ ভিতৰত ৰঙিয়াৰ দদেতিয়া, নিতেনি, গোপালপুৰ, কুমটিবাৰী,চত্মা বাথান, হুৰমাবড়ী, লাৰমা গড়হাটী, বৰদঙ্গা বাটাকুচী, বৰহমপুৰ হাটবজালি; কমলপুৰৰ আঠগাওঁ, বৰকাঁহ, সিংৰা, কুসুমপুৰ, ক্ষুদ্ৰচেচাঁ, গুইয়া, পালাৰা, মৈহাটী, সোণাপুৰ আৰু ধনুকা; বেজেৰাৰ বাইহাটা, সাজেই, বৰপানাৰা, পানাৰা, কলমণি আৰু ধনখুন্দা ; বালিসত্ৰৰ গৰমচাং আৰু ধুঁহি নং-১; চাংসাৰিৰ পিয়ঁলিখাটা, টুহুৰা, বৰমাৰৈ , মাৰৈ, চাৰিকট-১, চাৰিকট-২, বাৰেগাওঁ আৰু মনিয়েৰি আদিকে ধৰি বহু গাঁৱৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে বুলি কৃষি বিভাগৰ তথ্যত প্ৰকাশ । ইফালে, বানাক্ৰান্তৰ মাজত নিত্যব্যৱহাৰ্য্য ৰছদ-পাতি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান প্ৰক্ৰিয়া আজিও পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে ৰঙিয়া মহকুমা প্ৰশাসনে । মহকুমাধিপতিৰ নিৰ্দেশ মৰ্মে বিভিন্ন স্থানত জিঅ’ বেগ, আৰ.চি.চি পাৰ্কুপাইন, পি চি চি শ্লেব, বস্তা আদিৰে মথাউৰিৰ মেৰামতি আৰু খহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে মহকুমা জলসম্পদ বিভাগে । লক্ষণীয়ভাৱে, বৰলীয়া নৈৰ দক্ষিণ প্ৰান্তৰ কঞাঁ ৰাজহ চক্ৰৰ অন্তৰ্গত গোপালপুৰত বৰলীয়াৰ মথাউৰিৰে পানী নিৰ্গমণৰ খবৰ পাই মহকুমাধিপতিয়ে জলসম্পদ বিভাগৰ অভিযন্তাক লগত লৈ কালি দুপৰ নিশালৈ নিৰীক্ষণ কৰে মথাউৰি প্ৰতিৰোধৰ কাম । ইফালে, বানাগ্ৰস্ত এলেকাত স্থাপন কৰা পশুধনৰ আশ্ৰয় শিবিৰে শিবিৰ সমূহত গৰু-ছাগলী, ম’হ, গাহৰি আদি পোহনীয়া জীৱ-জন্তুৰ বাবে পশু পালন আৰু পশুচিকিৎসা বিভাগে বিশেষ তদাৰকী কৰি থকাৰ লগতে পশুখাদ্যৰ যোগান ধৰিছে প্ৰশাসনে । মহকুমা স্বাস্থ্য বিষয়া চফিকুল হকৰ নেতৃত্বত স্বাস্থ্য বিভাগে প্ৰদান কৰা বিনামূলীয়া ঔষধ -পাতি আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য শিবিৰ সমূহত ৰাইজৰ সঁহাৰি পৰিলক্ষিত হয় ।ইতিমধ্যে মেলেৰিয়া অধ্যুষিত বানপীড়িত এলেকাত ফগিঙেৰে ধোৱাঁ দিয়াৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । সহকাৰী আয়ুক্ত কুমাৰ সুৰজিৎ বৰা, জয়ন্ত দাস, ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া এমিলী বৰুৱা, কমলপুৰৰ ৰাজহ চক্ৰ বিষয়া ডা: বেদাংগ তালুকদাৰ, কঞাঁৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া মনিকংকণা ভট্টাচাৰ্য্য, মহকুমা নিৰ্বাচন বিষয়া ৰিপণ জ্যোতি নাথ, সহকাৰী আয়ুক্ত চম্পক ডেকা, মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথ, ৰঙিয়াৰ আটাইকেইখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আৰক্ষীৰ লোক তথা বিভিন্ন বিভাগৰ বিষয়া -কৰ্মচাৰী সকলে তৎপৰতাৰে বৰ্তমান সাহাৰ্য্য প্ৰদান আৰু মথাউৰি প্ৰতিৰোধৰ কামত নামি পৰা পৰিলক্ষিত হৈছে । আজি মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে মহকুমাটোৰ বান পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্য্যন্ত তৰিৎ গতিত সাহাৰ্য্য আৰু উদ্ধাৰ অভিযানৰ লগতে মথাউৰি আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত থাকিব বুলি মন্তব্য কৰে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *