Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াৰ সমীপৰ কানিকুছিৰ মৰাজানত মহিলাৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়াৰ সমীপৰ কানিকুছিৰ মৰাজানত মহিলাৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়াৰ সমীপৰ কানিকুছিৰ মৰাজানত মহিলাৰ মৃতদেহ উদ্ধাৰ

প্ৰতিবেদক, ৰঙিয়া, ২৬ আগষ্ট. :
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কানিকুছিৰ মৰাজান এটিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। জানিব পৰা মতে আজি পুৱা কানিকুছিৰ মৰাজান এটিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানটোত উদ্ধাৰ হোৱা মহিলা গৰাকী হৈছে  কানিকুছিৰ উগ্ৰেশ্বৰ শৰ্মাৰ পত্নী মঞ্জু দেৱী (৫৮) । যোৱানিশা ঘৰৰ পৰা মহিলা গৰাকী সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লগতে গাঁওবাসীয়ে চৌদিশে বিচাৰ -খোচাৰ কৰে ।আজি পুৱা গাঁওখনৰ লোকে কাষেৰে বৈ যোৱা মৰাজানৰ পাৰত এযোৰ চেন্দেল প্ৰত্যক্ষ কৰি ৰঙিয়া থানাত খবৰ দিয়ে । ৰঙিয়া থানাৰ সহযোগত এছ ডি আৰ এফে  জানটোত কেইবাঘন্টা ধৰি অভিযান চলায় । অৱশেষত সাত জনীয়া অভিযানকাৰী দলটোৱে মৰাজানটোত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে । ঘৰৰ পৰা গভীৰ নিশা মহিলা গৰাকীয়ে অকলে কেনেদৰে জানটো পালে সেয়াই অঞ্চলবাসীৰ বাবে ৰহস্যৰ বিষয় হৈ পৰিছে । ইফালে একমাত্ৰ পুত্ৰই জানিবলৈ দিয়ামতে মাতৃয়ে নিশাৰ আহাৰ গ্ৰহণ কৰি অইন দিনাৰ দৰে শুই পৰিছিল । দুই মান বজাত দুৱাৰখন খোলা থকা প্ৰত্যক্ষ কৰিয়েহে জানিব পাৰে পৰিয়াল বৰ্গই ।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *