Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াৰ ৯৫ বছৰ গৰকা ঝুলন মহোৎসৱৰ উদ্বোধন কৰে মন্ত্ৰী ভৱেশ কলিতাই

ৰঙিয়াৰ ৯৫ বছৰ গৰকা ঝুলন মহোৎসৱৰ উদ্বোধন কৰে মন্ত্ৰী ভৱেশ কলিতাই

**অসমৰ বানপানীৰ দৃশ্যই আকৰ্ষণ কৰিছে ৰাইজকঃ* *ৰঙিয়াৰ ৯৫ বছৰ গৰকা ঝুলন মহোৎসৱৰ উদ্বোধন কৰে মন্ত্ৰী ভৱেশ কলিতাই **

প্ৰতিবেদক, ৰঙিয়া ১২ আগষ্টঃ নামনি অসমৰ অন্যতম প্ৰাচীন তথা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কৃষ্ণৰ ঝুলন যাত্ৰা মহোৎসৱ ১১ আগষ্টৰ সন্ধিয়াৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙিয়া ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগনত আৰম্ভ হৈছে। নিশা এই মহোৎসৱৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে ৰাজ্যৰ জলসিঞ্চন ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ।উদ্বোধনী অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ দিলীপ বৈশ্য সহ কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।এই উপলক্ষে মহোৎসৱ প্ৰাঙ্গণত উদ্বোধনী সভা অনুষ্ঠিত হয় ।ঝুলন মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি মহেশ ছিকাৰিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্বোধক মন্ত্ৰী কলিতাই হিন্দীত ভাষন দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ এই ঝুলন মহোৎসৱ শতবৰ্ষ অনুষ্ঠান মহাধুমধামেৰে পালন কৰাৰ বাবে উদ্যোক্তা সকলক এতিয়াৰে পৰা প্ৰস্তুতি গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । এই ক্ষেত্ৰত তেওঁ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে। কলিতাই নামনি অসমৰ ঐতিহ্য এই ঝুলন মহোৎসৱৰ পৰিসৰ বৃদ্ধি কৰিবলৈও পৰিচালনা সমিতিক আহ্বান জনায় । মন্ত্ৰী গৰাকীয়ে ঝুলন মহোৎসৱৰ উন্নয়নৰ বাবে ১৫ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষনা কৰে। সভাত বিটিচিৰ কাৰ্যবাহী সদস্য বসুমতাৰীয়ে ৰঙিয়াৰ ঝুলনৰ বিষয়ে কবলৈ গৈ নষ্টালজিক হৈ পৰে। তেওঁ কিশোৰ অৱস্থাতে কিদৰে ওদালগুৰিৰ পৰা আহি ৰঙিয়াৰ ঝুলন উপভোগ কৰিছিল, কিদৰে দূৰদূৰনীৰ পৰা ঝুলন উপভোগ কৰিবলৈ অহা বড়ো জীয়ৰী বোৱাৰী সকলক নিশা নিৰাপত্তা প্ৰদান কৰিছিল সেই প্ৰসংগত বৰ্ণনা কৰে। তেওঁ কয় যে ৰঙিয়াৰ ঝুলন মহোৎসৱ এতিয় আৰু কোনো এটা জাতি নাইবা ভাষাৰ মাজত সীমাবদ্ধ হৈ থকা নাই বৰ্তমান সময়ত ই সাৰ্বজনীন ৰূপ ধাৰণ কৰিছে। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ অধিক্ষক ডাঃ বৈশ্যই এই মহোৎসৱৰ ইতিবৃত্ত বৰ্ণনা কৰে। ৰঙিয়াৰ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতাত অনুষ্ঠিত হোৱা এই ধৰ্মীয় অনুষ্টান ৰঙিয়াৰ সৰ্ব স্তৰৰ ৰাইজৰ মাজত শান্তি সম্প্ৰীতিি আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰী আৰু অধিক কটকটীয়া কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।সভাত মন্ত্ৰী কলিতাই স্মৃতিগ্ৰন্থ ‘সুধা কেশৰী ‘ উন্মোচন কৰে। ৰতন ছিকাৰিয়াই আত ধৰা সভাত মুকেশ ছিকাৰিয়া, কান্তা কয়াল, প্ৰমোদ আগৰৱালা, সহ কেবাগৰাকী বক্তাই বক্তব্য প্ৰদান কৰে ।সভাত মহোৎসৱৰ লগত জড়িত ৰঙিয়াৰ বয়োজেষ্ঠ নাগৰিক হৰিৰাম জাজোদিয়া আৰু মোহন লাল বাজাজক সম্বৰ্ধনা জনোৱা হয় । সভাত হৰি ৰাম কয়াল, বিনোদ লুণ্ডিয়া, দীনেশ তোদী সহ বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।প্ৰদৰ্শনীত স্থাপন কৰা শতাধিক মৃন্ময় মূৰ্তিৰ ভিতৰত অসমৰ বাণপানীৰ দৃশ্য আৰু বৈদ্যুতিক কাৰিকৰীৰে জীৱন্ত ৰূপ দিয়া মূৰ্তি সমূহ আকৰ্ষণৰ কেন্দ্ৰ বিন্দুত পৰিণত হৈছে। ঝুলন আৰু মেলাক কেন্দ্ৰ কৰি সমগ্ৰ ৰঙিয় জজন সমূদ্ৰত পৰিণত হৈছে।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *