Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াৰ ৰাইজে অশ্ৰু সিক্ত নয়নে বিদায় দিলে নাট্যকাৰ তৰুণ শইকীয়া

ৰঙিয়াৰ ৰাইজে অশ্ৰু সিক্ত নয়নে বিদায় দিলে নাট্যকাৰ তৰুণ শইকীয়া

ৰঙিয়াৰ ৰাইজে অশ্ৰু সিক্ত নয়নে বিদায় দিলে নাট্যকাৰ তৰুণ শইকীয়া

আৰক্ষী সঞ্চালক প্ৰধানে জনালে অন্তিম শ্ৰদ্ধাঞ্জলি

প্ৰতিবেদক, ৰঙিয়া ২৪ জুলাই ঃঃ অসংখ্য গুণমুগ্ধই আজি অশ্ৰু সিক্ত নয়নে বিদায় দিলে সকলোৰে প্ৰিয়  নাট্যকাৰ, শিল্পী তৰুণ দাক।ৰঙিয়াৰ শান্তিধাম মহাশ্মশানত অজস্ৰ জনৰ চকুলোৰে পঞ্চভূতত বিলীন হল ৰঙিয়াৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক অভিনেতা অভিনয়াচাৰ্য তৰুণ শইকীয়া। দীৰ্ঘদিন ৰোগ ভোগৰ অন্তত কালি সন্ধিয়া গুৱাহাটীৰ দিশপুৰ পলিক্লিনিক হস্পিটেলত মৃত্যু হোৱা শইকীয়াৰ নশ্বৰ দেহ নিশা তেওঁৰ ৰঙিয়া নগৰৰ বিদ্যাপুৰৰ বাস ভৱনত আহি উপস্থিতি হোৱাৰ লগে লগে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰঙিয়াৰ বিভিন্ন স্তৰৰ লোকে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে উপস্থিত হয়। আজি পুৱা তেওঁৰ নশ্বৰ দেহ সমদল কৰি প্ৰথমে তেওঁৰ কৰ্মস্থলী ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লৈ যোৱা হয়। তাত বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।ইয়াৰ পিছতেই ৰঙিয়া ৰাইজমেল ভৱন প্ৰাঙ্গণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয়। তাত ৰঙিয়াৰ প্ৰায় সকলো দল সংগঠন বিশেষকৈ প্ৰয়াত শইকীয়াৰ সপোনৰ স্বৰগোষ্ঠীৰ তৰফৰপৰা জ্যোতিৰ্ময় কলিতা, ৰঙিয়া আলোচনী সভাৰ পবিত্ৰ কুমাৰ কলিতা, জেষ্ঠ নাগৰিক সম্মিলনীৰ নৰেন্দ্ৰ শৰ্মা, পৌৰসভাৰ প্ৰদীপ কাকতি ৰঙিয়া ব্ৰ্লকংগ্ৰেছৰ সভাপতি তাৰিফুল ইছলাম, নগৰ ব্ল উকংগ্ৰেছৰ সভাপতি ৰবীন শইকীয়াৰ উপৰিও ৰঙিয়া প্ৰেছ ক্লাৱ, ৰঙিয়া শিৱ মন্দিৰ আৰু দুৰ্গাপূজা পৰিচালনা সমিতি, ৰঙিয়া সত্ৰীয়া সাংস্কৃতিক বিদ্যালয়, পূৱ ৰঙিয়া প্ৰগতি সংঘ, তিনিগঞা গোপাল সভা, নটৰাজ নাট্যগোষ্ঠী, মনন, নতুন সাহিত্য পৰিষদ, গননাট্য সংঘ, ৰনদিয়া ইউথ চেন্টাৰ, সহ বহু ৰাজনৈতিক, অৰাজনৈতিক তথা স্বেচ্ছাসেৱী সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।পিছত ৰঙিয়া শান্তিধাম মহাস্মশানত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, ডাঃ কুমুদ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে অন্তিম শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ পাছতেই শইকীয়াৰ পুত্ৰদ্বয় অভিজিৎ আৰু জ্যোতি প্ৰসাদে মুখাগ্নি কৰাৰ পাছত সকলোৰে প্ৰিয় তৰুণ শইকীয়া পঞ্চভূতত বিলীন হয়।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *