Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা

ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা

ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা

আহত তিনিজনক সংকটজনক অৱস্থাত জিএনআৰচি লৈ প্ৰেৰণ

প্ৰতিবেদক, ৰঙিয়া ২০ আগষ্টঃ দুৰ্ঘটনা প্ৰবন এলাকাত পৰিনত হৈছে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাওঁ অঞ্চল। এই অঞ্চলত দুৰ্ঘটনা সংঘটিত হোৱাটো এক নিত্য নৈমিত্তিক ঘটনাত পৰ্যবসিত হৈছে ।আজি আবেলি পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । বৰপেটাৰ সমীপৰ হাউলীত মৃতকৰ খবৰ লবলৈ আহি দূৰ্ঘটনাটত পতিত হৈ গুৰুতৰ ভাৱে আহত হয় গুৱাহাটী মালিগাওঁৰ এটা পৰিয়ালৰ তিনি সদস্যই । দুৰ্ঘটনাটো ইমান ভয়াবহ আছিল যে দীৰ্ঘ সময় ধৰি গাড়ীৰ ভিতৰত আবদ্ধ হৈ আছিল আহত তিনিজন। পাছত স্থানীয় ৰাইজৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ হয় তিনিওজন ব্যক্তি । কিন্তু তিনিওজন গুৰুতৰ ৰূপে আহত হয় । ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰঙিয়া আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত আহত তিনিজনকে ৰঙিয়া অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও স্বাস্থ্যৰ অৱস্থা অৱনতি হোৱাত তেওঁলোকক জি এন আৰ চিলৈ প্ৰেৰণ কৰোৱা হয় ।অৱশ্যে পাছলৈ পিতৃ আৰু কনমানি পুত্ৰ সন্তানক আয়ুৰচন্দ্ৰা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।উল্লেখ্য মালিগাওঁৰ সীমান্ত কলিতাই (৩৫) পত্নী নয়নমনি দাস কলিতা( ২৮) আৰু সাত বছৰীয়া পুত্ৰ দ্ৰোণ কাশ্যপৰ সৈতে মৃতকৰ খবৰ লবলৈ হাউলী অভিমুখে এএছ ০১ডিৱাই-০৫১৫ ৰিনল্ট কুইড গাড়ী খনৰে
গৈ থকাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীৰ বিবৰণ অনুসৰি আগে আগে গৈ থকা বাছখনে যাত্ৰী উঠাবলৈ হঠাতে ব্ৰেক মাৰি দিয়াত পিছত থকা তীব্ৰ বেগী গাড়ীখনে খুন্দা মৰাত এই ভয়ঙ্কৰ দুৰ্ঘটনাৰ সম্মুখীন হয়। দুৰ্ঘটনাত কলিতাৰ বিলাসী গাড়ীৰ সম্মুখ ভাগ সম্পূৰ্ণ ৰূপে ভাঙি চুৰমাৰ হৈ যায়।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *