Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক*

প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আদালতে নিৰ্ধাৰণ কৰা  আজি পুৱা  ৭.৩৩ বজাত  ৰঙিয়াত ফাঁচী কাঠত ওলোমালে দুই নেতাক।  অসমৰ নাগৰিকৰ ওপৰত বল পূৰ্বক  নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি অসম চুক্তি সম্পুৰ্ণৰূপে উলংঘা কৰাৰ উপৰিও  অসম আন্দোলনৰ  ৮৫৫ গৰাকী  শ্বহীদৰ আত্মাক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জুমুঠি  ৰঙিয়া উৰণীয়া সেতুত  ফাঁচী কাঠত ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ সন্থাৰ কৰ্মী সকলে প্ৰতিকী ৰূপত ফাঁচী কাঠত ওলোমাৰ পূৰ্বে সকলো নিয়ম নীতি পালন কৰে।  । ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই  জিলা পৰ্য্যায়ৰ নেতাৰ উপস্থিতিত পুৱতি নিশা  ইয়াৰ পিছত দুয়োজন নেতাৰ পুত্তলিকা আছু নেতাসকলে কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা উৰণীয়া সেঁতুৰ ওপৰলৈ নিয়ে । ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এগৰাকী  নেতাই  দুজনৰ দেহত ক’লা কাপোৰ পিন্ধাই দিয়ে । আছুৰ আদালতে পুৰ্বে নিৰ্ধাৰণ  কৰা সময় অনুসৰি ঠিক ৭ বাজি ৩৩ মিনিট হোৱাৰ লগে লগে আছু নেতাজনে ফাচী কাঠৰ ৰছি টানি দিয়াত দুয়োজন  নেতাৰ পুত্তলিকা উৰণীয়া সেঁতুৰ ৰেলিংত ওলমি ৰয় । লগে লগে উৰণীয়া সেঁতুৰ তলত থকা আছু নেতা সকলে  জয় আই অসম ধ্বনিৰে উত্তাল কৰি তোলে ।অৱশ্যে কিছু সময় পিছত ৰঙিয়া আৰক্ষীয়ে ওলমাই ৰখা পুুত্তলিকা দুুটা নমাাই আনে।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *