Friday , February 28 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৰঙিয়া হৰদত্ত বীৰদত্ত প্ৰাইজমানি ফুটব’ল প্ৰতিযোগিতাত জাপিয়া ভাই ভাই ক্লাবৰ অগ্ৰগতি

ৰঙিয়া হৰদত্ত বীৰদত্ত প্ৰাইজমানি ফুটব’ল প্ৰতিযোগিতাত জাপিয়া ভাই ভাই ক্লাবৰ অগ্ৰগতি

ৰঙিয়া হৰদত্ত বীৰদত্ত প্ৰাইজমানি ফুটব’ল প্ৰতিযোগিতাত জাপিয়া ভাই ভাই ক্লাবৰ অগ্ৰগতি

প্ৰতিবেদক, ৰঙিয়া, ২৫ আগষ্ট ৰঙিয়া ঃ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আজিৰে পৰা আৰম্ভ হোৱা সদৌ অসম দ্বিতীয় বাৰ্ষিক হৰদত্ত বীৰদত্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাপিয়া ভাই ভাই ক্লাবে উদ্বোধনী খেলত ২-০ গলৰ ব্যবধানত জয় লাভ কৰিছে । ৰঙিয়া ঢোলকুছি ট্ৰাইবেল সংঘৰ লগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ প্ৰথমাৰ্ধৰ পেনাল্টিৰে প্ৰথম গ’লটো দিয়াৰ পিছত দ্বিতীয়াৰ্ধৰ অন্তিম মুহুৰ্তত আনটো গ’ল দিয়ে ভাই ভাই ক্লাবে । অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত প্ৰতিযোগিতাখন ভাৰতীয় খেল প্ৰাধীকৰণৰ গুৱাহাটী আঞ্চলিকৰ সঞ্চালক ড° সুভাষ বসুমতাৰীয়ে শুভ উদ্বোধন কৰে । উদ্বোধনী অনুষ্ঠানৰ প্ৰাকমুহুৰ্তত পতাকা উত্তোলন কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰ প্ৰাপ্ত আঞ্চলিক প্ৰৱন্ধক প্ৰশান্ত বুজৰ বৰুৱাই। উদ্ধোধনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ৰঙিয়াৰ পাঁচ গৰাকী আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় খেলুৱৈক গামোছা, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

আন্তঃৰাষ্ট্ৰীয় কাৰাটেত প্ৰত্যয়ৰ ব্ৰঞ্জ

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,,২৭ নৱেম্বৰ।।। নেপালত ২২,২৩,২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হোৱা “নোবেল ইন্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ …

Leave a Reply

Your email address will not be published. Required fields are marked *