Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়া ৰেলৱে ষ্টেচন প্লাষ্টিক মুক্ত

ৰঙিয়া ৰেলৱে ষ্টেচন প্লাষ্টিক মুক্ত

*ৰঙিয়া ৰেলৱে ষ্টেচন প্লাষ্টিক মুক্ত*

*সংবাদ মেলত ঘোষনা মাণ্ডলিক প্ৰৱন্ধক – ভি এ মালেগাওকাৰৰ*

প্ৰতিবেদক, ৰঙিয়া ১৬ ছেপ্টেম্বৰঃ উত্তৰ পূৱ সীমান্ত ৰেলৰ ভিতৰত ৰঙিয়া ৰেল ষ্টেচনক কাইলৈৰ পৰা এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক মুক্ত ষ্টেচন  হিচাপে ঘোষনা কৰা হৈছে । এই কথা আজি সদৰি কৰে ৰঙিয়া ৰেল সংমণ্ডলৰ মান্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকাৰে ।আজিৰে পৰা সমগ্ৰ ৰঙিয়া ৰেল সংমণ্ডলত আৰম্ভ কৰা ‘স্বচ্ছতা পষেকৰ’ লগত সংগতি ৰাখি আয়োজন কৰা সংবাদ মেলত মান্ডলিক ৰেল প্ৰৱন্ধকে ৰঙিয়া ৰেল ষ্টেচনক প্লাষ্টিক মুক্ত ষ্টেচন হিচাপে ঘোষনা কৰে। সংবাদ মেলত তেওঁ কয় যে, আজি প্ৰভাত ফেৰীৰে এই পষেকৰ  শুভাৰম্ভ কৰা হয় ।ইয়াৰ পিছত ৰঙিয়া ৰেল ষ্টেচনৰ সকলো ৰেল কৰ্মী আৰু বিষয়াৰ ঘৰে ঘৰে বৃক্ষৰোপন কৰাৰ উপৰিও সংশ্লিষ্ট কৰ্মচাৰী আৰু বিষয়াক গছ পুলি চোৱাছিতাৰ দায়িত্ব অৰ্পন কৰা হয়। ৰঙিয়া ব্ৰিকফিল্ড কলনী, নিউ কলনী আৰু আৰ এম এছ কলনীত প্ৰায় ৩০০ গছপুলি বিতৰণ কৰা হয় বুলি মাণ্ডলিক প্ৰৱন্ধকে জানিবলৈ দিয়ে । কাইলৈ সংমণ্ডলৰ সকলো ৰেল ষ্টেচন বিশেষকৈ ৰঙিয়া, বৰপেটা ৰোড, নিউ বঙাইগাঁও, ৰাঙাপাৰা আদি ষ্টেচনত ৰেলৱে কৰ্মচাৰী আৰু বিষয়াৰে  শ্ৰমদান কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি তেওঁ কয় ।ইতিমধ্যে স্বচ্ছতা সন্দৰ্ভত যাত্ৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে সংমণ্ডলৰ কেবাখনো ৰেল ষ্টেচনত বাটৰ নাট মঞ্চস্থ কৰা হয়। পষেকৰ সামৰণিৰ দিনা অৰ্থাৎ ২ অক্টোবৰত ৰঙিয়া ৰেল সংমণ্ডলৰ কাৰ্যালয় প্ৰাংগণত জাতিৰ পিতা মহাত্মা গান্ধীৰ দুটা  প্ৰতিমূৰ্তি অনাবৰন কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে।ইপিনে সাংবাদিকৰ পৰামৰ্শ মতে  মাণ্ডলিক প্ৰৱন্ধক মালেগাওকাৰে পুৱা ছয়বজাত ৰঙিয়াৰ পৰা ডেকাৰগাঁও অভিমুখে যোৱা ৰেলগাড়ীখন নামনিমুৱা বহাগী এক্সপ্ৰেছৰ যাত্ৰী সকলৰ সুবিধাৰ  কথা চিন্তা কৰি ২৫ মিনিট পিছুৱাই দিয়া সন্দৰ্ভত চিন্তা চৰ্চা কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য গুৱাহাটী তথা মধ্যৱৰ্তী ষ্টেচনৰ পৰা গোৰেশ্বৰ, টংলা আদি ষ্টেচনৰ নিত্য যাত্ৰী সকলে নামনিমুৱা বহাগী এক্সপ্ৰেছেৰে ৰঙিয়া আহি ডেকাৰগাঁও অভিমুখী ৰেলখন নোপোৱাত অশেষ কষ্টৰ সম্মুখীন হয়। আনহাতে ৰঙিয়া ৰেল ষ্টেচনত ৰঙিয়াৰ আৰু ইয়াৰ ওচৰ পাজৰৰ ঐতিহাসিক সমল সমূহ বিশেষকৈ দীপ্তেশ্বৰী দেৱালয়, বৈদ্যগড়, জয়ন্তী কালী, তীৰ্থনগৰী হাজো, মদন কামদেৱ আদি  প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিলে ৰঙিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দুত পৰিণত হব বুলি সাংবাদিকে তেওঁৰ কৰ্ণগোচৰ কৰাত তেওঁ এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।  সংবাদমেলত অতিৰিক্ত মাণ্ডলিক প্ৰৱন্ধক সন্তোষ কুমাৰ শৰ্মা, ডিভিশ্বনেল মেকানিকেল ইঞ্জিনিয়াৰ মুকেশ কুমাৰ, জ্যেষ্ঠ মাণ্ডলিক বাণিজ্যিক প্ৰবন্ধক সঞ্জীৱ কুমাৰ ঘোষ, জ্যেষ্ঠ মাণ্ডলিক অভিযন্তা জে পি সিং আৰু মুখ্য বাণিজ্যিক পৰিদৰ্শক হৃষীকেশ ডেকা উপস্থিত থাকে।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *