Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ৰ’টাৰী ক্লাব গুৱাহাটীৰ ৩০০০ সংখ্যক ৰটাৰী সাপ্তাহিক সভা সম্পন্ন

ৰ’টাৰী ক্লাব গুৱাহাটীৰ ৩০০০ সংখ্যক ৰটাৰী সাপ্তাহিক সভা সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ মাৰ্চ :: সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ পুৰণি ৰ’টাৰী ক্লাব “ৰ’টাৰী ক্লাব গুৱাহাটী”ৰ ৩০০০ সংখ্যক ৰটাৰী সাপ্তাহিক সভাখন ১৭ মাৰ্চত অনুষ্ঠিত হয়। গুৱাহাটীৰ পানবজাৰস্থিত ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰ্ছৰ প্ৰাংগনত অনুষ্ঠিত হয়।
ৰ’টাৰী ক্লাব গুৱাহাটীৰ সভাপতি গজেন্দ্ৰ নাথ খাউণ্ডৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা ৩০০০ সংখ্যক ৰ’টাৰী সাপ্তাহিক সভাত ৰ’টাৰীয়ান ড০ বি এল শর্মাই এই ক্লাৱৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ৰূপায়ণ কৰা কৰ্যক্ৰমণিকাৰ এক চমু আলোকপাত কৰে।
এই সভাত ক্লাৱত তিনিগৰাকী জ্যেষ্ঠ সদস্য ক্ৰমে ৰটাৰীয়ান পি ডি জি ডাঃ এন এন দত্ত,
ৰটাৰীয়ান আই এইচ হাজৰিকা আৰু ৰটাৰীয়ান পি ডি জি প্ৰভাত কুমাৰ কেডিয়াক এখনি ফুলাম গামোছা আৰু গছপুলি প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। এই সভাৰ পাছত এক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। এই সাংকৃতিক কাৰ্যসূচীত ক্লাৱৰ সদস্য তথা পৰিয়াল বৰ্গই অংশগ্ৰহণ কৰি সমবেত সংগীত, গীত-মাত, আবৃত্তি আদি পৰিবেশন কৰে। এই
সাংকৃতিক কাৰ্যসূচী পৰিচালনা কৰে ক্লাৱৰ সদস্য ৰটাৰীয়ান এছ আৰ শইকীয়া আৰু ৰটাৰীয়ান ডঃ গৌতম শৰ্মাই। সভাত ক্লাৱৰ সদস্যৰ লগতে গুৱাহাটীৰ অন্য ৰটাৰী ক্লাৱৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে। উল্লেখ ৰটাৰী ক্লাব গুৱাহাটীয়ে ৬৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাত সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ স্বাস্থ্য পৰীক্ষা, চকু পৰীক্ষা, পদপথৰ লোকক শিক্ষাদান আদি সেৱা আগবঢ়াই আহিছে।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *