Thursday , September 19 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / ৰত্নাকৰ’ চলচিত্ৰৰ গীত মুকলি

ৰত্নাকৰ’ চলচিত্ৰৰ গীত মুকলি

 

আজি পাণ্ডু আৰু দিছ্পুৰ মহাবিদ্যালয়ত চলচ্চিত্ৰ খনৰ প্ৰচাৰ কাৰ্যসূচী

ষ্টাফৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰ :
মুক্তি পালে ‘ৰত্নাকৰ চলচিত্ৰৰ আন এটি গীত ‘এটা কথা কোৱা না’ মঙলবাৰে মুকলি কৰা হয়। এই গীতটোত অভিনয় কৰিছে যতীন বৰা, নিশীতা গোস্বামী, শিশুশিল্পী আশ্ৰমিকাই। গীতটি গাইছে জুবিন গাৰ্গ আৰু কণমানি হৰ্ষিতা ভট্টাচাৰ্যই।। ছবিখনৰ সংগীত প্ৰযোজনা জুবিন গাৰ্গৰ।। ইতিমধ্যে চলচ্চিত্ৰৰ খনৰ মুক্তি পোৱা “ৰাতি ৰাতি” গীতটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।।
জুবিন গাৰ্গৰ প্ৰযোজনাৰে মুক্তি লাভ কৰা “ৰাতি ৰাতি ” গীতটোৰ দৃশ্যগ্ৰহন হৈছিল লাডাখত।। ইতিমধ্যে চলচ্চিত্ৰ খনৰ প্ৰচাৰো আৰম্ভ হৈছে।।ইতিমধ্যে ট্ৰেইলাৰো মুকলি কৰা হৈছে। এইবাৰ যতীন জুবিনৰ যুটিৰে “ৰত্নাকৰ” আহিব ছবিগৃহলৈ। কাইলৈ চলচ্চিত্ৰ খনৰ প্ৰচাৰ পাণ্ডু আৰু দিছ্পুৰ মহাবিদ্যালয়ত হ’ব.। উল্লেখ ৰত্নাকৰ ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্যৰ, চিত্ৰগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰিয়ে।

About Staff Reporter

চাব পাৰে

নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিক আদৰণি অসমৰ চলচ্চিত্ৰ সমাজৰ

  ষ্টাফ ৰিপোৰ্টাৰ,,,২৫ জুলাই।।। ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ দীর্ঘদিনীয়া দাবী অসম চলচ্চিত্ৰ নীতিক অনুমোদন জনালে ৰাজ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *