Wednesday , June 19 2019
Home / ক্ৰীড়া / ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

 

ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে। ২১টা ভোট লাভ কৰি সভাপতি ৰূপে নিৰ্বাচিত হ’ল ৰমেন দত্ত। অসম ক্ৰিকেট সন্থাৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাস্ত হ’ল বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই। মাত্ৰ ৯টা ভোটহে লাভ কৰে প্ৰদীপ বুঢ়াগোহাঁয়ে। ২৪টা ভোট লাভেৰে উপ–সভাপতি ৰূপে নিৰ্বাচিত হ’ল পৰীক্ষিত দত্ত। উপ–সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰীতম কোঁৱৰে লাভ কৰে ছটা ভোট। ১৯টা ভোট লাভেৰে কোষাধ্যক্ষ ৰূপে নিৰ্বাচিত হ’ল ত্ৰিদিৱ কোঁৱৰ, প্ৰতিদ্বন্দ্বী পৰাভূত প্ৰকাশ ডেকাই লাভ কৰে ১১টা ভোট। সাধাৰণ সম্পাদক ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল দেৱজিত দত্ত। যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত কামাখ্যা শইকীয়া, এপেক্স কাউন্সিলৰ সদস্য ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল চাইবল সেনগুপ্তা।

About Staff Reporter

চাব পাৰে

এছিয়া বেডমিণ্টন কাউন্সিলৰ উপ-সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মা

ষ্টাফৰিপৰ্টাৰ, ২৬ মে’ : এছিয়া বেডমিণ্টন কাউন্সিলৰ উপ-সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত হৈছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *