Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৰাইজিং ক্লাৱৰ ফুটবলত কাউৰপাৰা ফাইনেলত

ৰাইজিং ক্লাৱৰ ফুটবলত কাউৰপাৰা ফাইনেলত

ৰাইজিং ক্লাৱৰ ফুটবলত কাউৰপাৰা ফাইনেলত

প্ৰতিবেদক, ৰঙিয়া , ১০ অক্টোবৰ :: ৰঙিয়াৰ সমীপৱৰ্তী চাৰণপাৰা ৰাইজিং ক্লাৱৰ উদ্যোগত চলি থকা ধূলাবড়ীৰ খেলপথাৰত সমাজকৰ্মী ৰাজেন বড়ো সোৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত কাউৰপাৰা জি এফ চিয়ে আজিৰ প্ৰথম ছেমিফাইনেলত জাৰকোনা জংগলী ক্লাৱক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ।উত্তেজনাপূৰ্ণ খেলখনত আৰম্ভণিৰে পৰাই দুয়োটা দলে প্ৰত্যাহ্বান জনায় যদিও নিৰ্ধাৰিত সময়ত গ’লশূন্যভাৱে সমাপ্ত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত অৱলম্বন কৰাত ৫—৩ গ’লত কাউৰপাৰা জিএফ চিয়ে বিজয়ী হয় । খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদে।তেওঁক লাইনত সহায় কৰে সতীশ ডেকা আৰু বাহাৰুল ইছলামে।কাইলৈৰ দ্বিতীয় ছেমিফাইনেলত বাৰ্চিউ এফ চিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব মধুকুছি জেচন ক্লাৱৰ বিৰুদ্ধে।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

গোলাঘাটত অসম ভলীবল সন্থাৰ সাধাৰণ সভাৰ আয়োজন

গোলাঘাটত অসম ভলীবল সন্থাৰ সাধাৰণ সভাৰ আয়োজন গোলাঘাট, ২৯ অক্টোবৰ : অসমৰ ভলীবল ক্ষেত্ৰখনক ন …

Leave a Reply

Your email address will not be published. Required fields are marked *