Wednesday , January 29 2020
Home / ক্ৰীড়া / ৰাইজিং ক্লাৱৰ ফুটবলত বাৰ্চিউ এফ চি আৰু কাউৰপাৰা জি এফ চি ফাইনেলত

ৰাইজিং ক্লাৱৰ ফুটবলত বাৰ্চিউ এফ চি আৰু কাউৰপাৰা জি এফ চি ফাইনেলত

ৰাইজিং ক্লাৱৰ ফুটবলত বাৰ্চিউ এফ চি আৰু কাউৰপাৰা জি এফ চি ফাইনেলত

ৰঙিয়াৰ প্ৰতিবেদক, ১১ অক্টোবৰ ::

ৰঙিয়াৰ সমীপৱৰ্তী চাৰণপাৰা ৰাইজিং ক্লাৱৰ উদ্যোগত চলি থকা ধূলাবড়ীৰ খেলপথাৰত সমাজকৰ্মী ৰাজেন বড়ো সোৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বাৰ্চিউ এফ চিয়ে আজিৰ দ্বিতীয় ছেমিফাইনেলত কলমনী জেচন ক্লাৱক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।উত্তেজনাপূৰ্ণ খেলখনত আৰম্ভণিৰে পৰাই দুয়োটা দলে প্ৰত্যাহ্বান জনায় যদিও নিৰ্ধাৰিত সময়ত গ’লশূন্যভাৱে সমাপ্ত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত ৩—২ গ’লত বাৰ্চিউ এফ চিয়ে বিজয়ী হয় । খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদে।তেওঁক লাইনত সহায় কৰে সতীশ ডেকা আৰু জয়ন্ত মাধৱ দাসে ।পৰৱৰ্তী সময়ৰ ফাইনেলত বাৰ্চিউ এফ চিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব কাউৰপাৰা জিএফ চিৰ বিৰুদ্ধে বুলি জানিবলৈ দিয়ে খেল সম্পাদক দয়াৰাম বড়োয়ে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ। অসমৰ দুই মহিলা পাৱাৰ লিফটাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *