Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাইজৰ আপত্তি- অভিযোগ নিষ্পত্তি কৰাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা গ্ৰহণ

ৰাইজৰ আপত্তি- অভিযোগ নিষ্পত্তি কৰাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা গ্ৰহণ

ৰাইজৰ আপত্তি- অভিযোগ নিষ্পত্তি কৰাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা গ্ৰহণ

আৰম্ভ হ’ল ‘ৰাইজৰ চ’ৰা’

বঙাইগাঁওঃ১০ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ সুশাসন ব্যৱস্থাপনাৰ ওপৰত বঙাইগাঁও জিলা প্ৰশাসনে যথেষ্ট গুৰুত্ব প্ৰদান কৰি ৰাইজৰ বিভিন্ন অভাৱ তথা আপত্তি- অভিযোগসমূহ থিতাতে নিষ্পত্তি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ব্যৱস্থাৰ অংশ হিচাপে জিলা প্ৰশাসনে বিভিন্ন বিভাগৰ কাম-কাজ আৰু চৰকাৰী আচঁনি ৰূপায়ণ সন্দৰ্ভত ৰাইজে কৰা আপত্তি -অভিযোগসমূহৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ আদি ততাতৈয়াকৈ নিষ্পত্তি কৰাৰ বাবে ‘ৰাইজৰ চ’ৰা’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয় আজি ‘ৰাইজৰ চ’ৰা’ৰ শুভাৰম্ভ কৰা হয় ৷ উল্লেখ্য যে ইতিমধ্যে ইয়াৰ বাবে বঙাইগাওঁ জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীক নডেল বিষয়া হিচাপে নিয়োজিত কৰি মুঠ ১১ জনীয়া সদস্যৰে এটা ‘ ৰাইজৰ অভাব-অভিযোগ কোষ ‘ উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা হৈছে । এই কোষৰ জৰিয়তে প্ৰতি মাহৰ ২য় আৰু ৪ৰ্থ মঙলবাৰে পুৱা ৯.৩০ বজাৰ পৰা ১০.৩০ বজাৰ ভিতৰত ৰাইজৰ ওজৰ আপত্তি ,অভিযোগ সমূহ পঞ্জীয়ন কৰি ১০.৩০ বজাৰ পিছত কাৰ্যালয়টোত অনুষ্ঠিত হ’বলগীয়া ‘ ৰাইডক চ’ৰা’ ত উপস্থাপন কৰি পলকতে তাৰ নিষ্পত্তি আৰু নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নোৱাৰাখিনি সংশ্লিষ্ট বিভাগ সমূহলৈ পঠাই দিব । সেই মৰ্মে আজি ‘ৰাইজৰ চ’ৰাৰ ‘ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ৯.৩০ বজাৰ পৰা ১০.৩০ বজাৰ ভিতৰত ৰাইজৰ ওজৰ আপত্তি ,অভিযোগ কোষটোৱে সৃজনগ্ৰাম , বইটামাৰী আৰু বিদ্যাপুৰ ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত নামজাৰি , সীমা নিৰ্দ্ধাৰণ , গড়কাপ্তানী ( পথ) বিভাগৰ বাট- পথ মেৰামতি , বঙাইগাঁও পৌৰ সভাৰ অন্তৰ্গত ষ্ট্ৰীট লাইট (Street Light) , নলা-নৰ্দমা খনন , পৰিস্কাৰ আৰু মেৰামতি , আৰক্ষী বিভাগৰ আউট পোষ্ট , এমজিএনৰেগা আচঁনিৰ অধীনত জব কাৰ্ড কৰ্মীৰ মাচুলকে ধৰি মুঠ ২৪ খন ৰাইজৰ ওজৰ আপত্তি তথা অভিযোগ প্ৰ- প্ৰত্ৰ পঞ্জীয়নভুক্ত কৰে আৰু সেইসমূহ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ‘ৰাইজৰ চ’ৰা’ত উপস্থাপন কৰি এজন এজনকৈ অভিযোগকাৰীক মাতি অভিযোগত উল্লেখ কৰা বিষয় সন্দৰ্ভত অভিযোগকাৰীৰ মৌখিক ভাষ্য জ্ঞাত হৈ গোটেইকেইখন অভিযোগ প্ৰ-পত্রৰ কিছু থিতাতে সমাধান কৰে আৰু নোৱাৰাখিনি সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়া সকলক জবাবদিহি কৰি অতি সোনকালে নিষ্পত্তি কৰাৰ বাবে কঠোৰ নিদ্দেৰ্শ দিয়ে । উল্লেখ্যযোগ্য যে উপায়ুক্ত আদিল খানে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ আজিয়ে একাংশ বিষয়াক ক্ষেত্রপৰিদৰ্শন কৰিবলৈ যোৱাৰ বাবে নিদ্দেৰ্শ দি ৰাইজৰ আপত্তি তথা অভিযোগসমূহ তৎকালীনভাবে সমাধান কৰিবলৈও আদেশ দিয়ে ।জিলা উপায়ুক্ত আদিল খানৰ এই সুন্দৰ প্ৰদক্ষেপক ৰাইজে আদৰণী জনাই শলাগ লৈছে ৷ লগতে ভয় আৰু সংশয়বিহিন ভাবে প্ৰতিজন অভিযোগকাৰীয়ে সকলোৰে উপস্থিতিত নিজৰ অভিযোগ লিখিত আকাৰে দাখিল কৰাৰ লগে লগে মনৰ কথাবোৰো স্পষ্টকৈ কব পৰাৰ বাবে জিলা প্ৰশাসনে বঙাইগাঁওবাসী ৰাইজৰ বাবে যি ব্যবস্থা প্ৰৱৰ্ত্তন কৰিলে সচাঁকৈ ই সকলোৰে বাবে প্ৰশংসনীয় বিষয় । ইয়াৰ জৰিয়তে অনাগত দিনত সকলো ৰাইজে উপকৃত হ’ব বুলি একাংশ সচেতন নাগৰিকে মতপোষণ কৰিছে আৰু উপায়ুক্তৰ এই সুন্দৰ প্ৰচেষ্টাক সকলোৱে আদৰণী জনাইছে। আজিৰ এই শিবিৰত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী , বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , অতিৰিক্ত উপায়ুক্তদ্বয় ধ্ৰুৱ জ্যোতি দাস , অনুপম ডেকা , অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি মেঘনিধি দাহাল , ৰাজহ চক্ৰ বিষয়া সকল , সহকাৰী আয়ুক্ত সকল, খণ্ড উন্নয়ন বিষয়া সকল উপৰিও পৰিবহন, শিক্ষা, স্বাস্থ্য আদি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ৷

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *