Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ৰাজ্যখনত বাতৰি কাকতৰ নিয়মীয়া প্ৰচলনৰ আহ্বান

ৰাজ্যখনত বাতৰি কাকতৰ নিয়মীয়া প্ৰচলনৰ আহ্বান

 

ষ্টাফৰিপোৰ্টাৰ, ২৬ মাৰ্চ: ৰাজ্যখনত বন্ধ কৰি ৰখা বাতৰি কাকতসমুহৰ প্ৰচলন নিয়মিয়া কৰিবলৈ ৰাজ্য চৰকাৰক প্ৰেছ ক্লাব অসমে আহ্বান জনাইছে৷এক বিবৃতিযোগে সভাপতি কৈলাস শৰ্মা আৰু সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই অত্যাৱশ্যকীয় সেৱা হিচাপে বাতৰি কাকতক গুৰুত্ব প্ৰদান কৰি হকাৰ সংস্থাৰ সৈতে আলোচনা কৰি পুনৰ নিয়মিয়াকৈ ঘৰে ঘৰে বিতৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে৷
ইতিমধ্যে কৰোণা ভাইৰাছৰ বিৰুদ্ধে তলা বন্ধ কাৰ্যসুচীৰ দ্বিতীয় দিনাও দৈনিক কাকতখন পঢ়িব নাপায় বন্ধত আবদ্ধ নাগৰিকে ক্ষুদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে৷
সেয়েহে কৰ্তৃপক্ষই হকাৰ সংস্থাৰ লগত আলোচনা কৰি কাকতসমুহ নিয়মিয়াকৈ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰি ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছে৷

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *